/asomiyapratidin/media/media_files/2025/06/02/gUTOmz3QpJktgvEbTQAJ.jpg)
ডিজিটেল ডেস্কঃ দেশৰ কৃষিখণ্ডৰ বাবে এক আশাৰ বতৰা দিয়ে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে। ভাৰতৰ কৃষি মন্ত্ৰালয়ে শেহতীয়াকৈ সদৰি কৰিছে যে, ১৪খন ৰাজ্যৰ ৬ কোটি ১০ লাখৰো অধিক কৃষকক ডিজিটেল আইডি (কৃষক পৰিচয় পত্ৰ) প্ৰদান কৰিছে।
কৃষি মন্ত্ৰালয়ে ২০২৬-২৭বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰায় ১১কোটি কৃষকক এই পৰিচয় পত্ৰ প্ৰদানৰ লক্ষ্য স্থিৰ কৰিছে। ভূমিৰ ৰেকৰ্ড আৰু শস্যৰ বিশদ বিৱৰণৰ সৈতে সংযুক্ত এই আইডিসমূহে ঋণ, শস্যৰ বীমা, আৰু পিএম কিছানৰ ধন পৰিশোধ ত্বৰান্বিত কৰিব।
মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে, ‘কৃষকৰ একক আইডি ব্যৱহাৰ কৰি ক্ৰেডিট আৰু শস্য বীমাৰ অনুমোদন দিয়াটো দ্ৰুত হ’ব, আনহাতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম কিষাণ)ৰ অধীনত নগদ ধন হস্তান্তৰ এই আইডিসমূহৰ সৈতে জড়িত কৰা হৈছে।
এই কাৰ্যসূচী আৰম্ভ কৰা ১৪খন ৰাজ্যৰ ভিতৰত কৃষকৰ আইডিৰ অধিকাংশই —উত্তৰ প্ৰদেশ (১.৩ কোটি), মহাৰাষ্ট্ৰ (৯.৯ মিলিয়ন), মধ্যপ্ৰদেশ (৮৩ লাখ) , অন্ধ্ৰ প্ৰদেশ (৪৫ লাখ), গুজৰাট (৪৪ লাখ), ৰাজস্থান (৭৫ লাখ) ৰাজ্যত সৃষ্টি কৰা হয়। আৰু তামিলনাডু (৩ মিলিয়ন)। অসম, বিহাৰ, ছত্তীশগড়, ওড়িশা, কেৰালা, তেলেংগানা আৰু মধ্যপ্ৰদেশে আইডি প্ৰদানৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে।
কৃষকসকলক সেৱা আৰু আঁচনিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা সুশৃংখলিত কৰাৰ বাবে চৰকাৰৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ পদক্ষেপৰ অংশ এগ্ৰিষ্টেকৰ অধীনত আধাৰৰ দৰেই এই ডিজিটেল পৰিচয়সমূহ অহা দুবছৰৰ ভিতৰত সৃষ্টি হ’ব। ২৬ আৰু ২৭ বিত্তীয় বৰ্ষত ক্ৰমে ৩ কোটি আৰু ২ কোটি কৃষকে আইডি লাভ কৰাৰ সম্ভাৱনা আছে।