/asomiyapratidin/media/media_files/2025/01/31/ENnNvnedqmfBZhGuJT2u.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান ধিং মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ । বৃহস্পতিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৬০ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ।
কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে পুৱা ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড০ বিমান হাজৰিকাই আৰু শ্বহীদ তৰ্পণ কৰে উপাধ্যক্ষা ড০ স্নিগ্ধা মহন্তই। ইয়াৰ পিছতে সপ্তাহ সমাৰোহ উদ্ধোধন কৰে ধিং প্ৰেছ ক্লাৱৰ সভাপতি ৰাজীৱ কুমাৰ নেওগে।
সপ্তাহ সমাৰোহ উদ্ধোধনীৰ পিছতে গুৰু আৰু লঘু ক্ৰীড়া বিভাগৰ দৌৰ, ৰিলে ৰে'চ, ডিচকাচ, জেভলিন, শ্বট পুট প্ৰতিযোগিতাৰ উপৰিও কেৰম, টেবল আদি খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে মহাবিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত লোক নৃত্য, সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে তৰ্ক আৰু আলোচনা বিভাগৰ আবৃত্তি আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
আজি হাই জাম্প, লং জাম্প, ভলীবল, ডবা, বেডমিণ্টনৰ লগতে বৰগীত, লোকগীত, জ্যোতি সংগীত, ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, পাৰ্বতী প্ৰসাদৰ গীত, ভূপেন হাজৰিকাৰ গীত, আধুনিক গীত, জিকিৰ, বিহুগীত প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। ইফালে তৰ্ক আৰু আলোচনা বিভাগৰ উদ্যোগত "অনলাইন শিক্ষণ পৰম্পৰাগত শ্ৰেণীকোঠাৰ শিক্ষণৰ সমানেই ফলপ্ৰসূ" বিষয়ৰ ওপৰত তৰ্ক প্ৰতিযোগিতাও অনুষ্ঠিত হয়।
ইয়াৰ পিছত সাংবাদিক দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সহযোগ কৰে আছিম আহমেদ হাজৰিকা, পূজা শইকীয়াই। অনুষ্ঠানটিত তৰ্ক আৰু আলোচনা বিভাগৰ তত্বাৱধায়ক শিক্ষক দীপৰঞ্জন বুঢ়াগোহাঁই, ড০ সমীৰণ কলিতাৰ লগতে ড০ পংকজ বৰা, ডম্বৰুধৰ কাকতি, অজিত শৰ্মা, বিমান দলে, কংকনা শৰ্মা, তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদিকা আনিছা ৰব্বানী, ছাত্ৰ একতা সভাৰ সভাপতি মতিবুৰ ৰহমানকে আদি কৰি কেইবাগৰাকী অধ্যাপক অধ্যাপিকা উপস্থিত থাকে।
ইফালে অহা ১ ফেব্ৰুৱাৰীত বিভিন্ন প্ৰতিযোগিতাৰ পাছত মিষ্টাৰ ধিং কলেজ, মিছ ধিং কলেজ আৰু বিয়লি ৪ বজাত একাংক নাট প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে, মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ সামৰণি তথা ৪ ফেব্ৰুৱাৰীত মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ'ব।