/asomiyapratidin/media/media_files/2025/06/08/rDeVEZZcr9g6fyKp4EkR.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ঈদৰ দিনা বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহৰ সময়ত কাছাৰত ৬ টা ম'হ জব্দ কৰিছে বি এছ এফে। কাছাৰ জিলাৰ কাটিগৰা বাংলাদেশ সীমান্তৰ হৰিনগৰত জব্দ কৰা হয় ম'হকেইটা।
গোপন তথ্যৰ ভিত্তিত বি এছ এফৰ হৰিনগৰ বি অ’ পিত কৰ্তব্যৰত ১৭০ নম্বৰ বেটেলিয়নে জব্দ কৰে চোৰাং ম'হকেইটা। ম'হ জব্দ কৰা হ’লেও কোনো সৰবৰাহকাৰীক আটক কৰিব নোৱাৰিলে বি এছ এফে।
বি এছ এফে সদৰী কৰা মতে ম'হকেইটা বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহৰ কৰাৰ উদ্দেশ্যেৰে সীমান্তলৈ অনা হৈছিল। জব্দ কৰা ম'হকেইটা পিচত কাটিগৰা থানাত চমজাই দিয়া হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us