/asomiyapratidin/media/media_files/2025/04/30/0Yz5OntDiN6vhqdoovGI.jpg)
ডিজিটেল সংবাদ,নামৰূপঃ আপকুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আপকুৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ডিব্ৰুগড় জিলা সমিতিয়ে সমাজ-সাংস্কৃতিক, ৰাজনৈতিক তথা ক্ৰীড়াক্ষেত্ৰত অৰিহণা যোগোৱা দুলীয়াজান, নাহৰকটীয়া, নামৰূপৰ ৬গৰাকী বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায়।
সম্বৰ্ধিত ব্যক্তিসকল ক্ৰমে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দুৰ্গা প্ৰসাদ গগৈ, দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোকবিকাশ গগৈ আৰু বিশিষ্ট নাট্যকৰ্মী পবিত্ৰ চেতীয়া, নাহৰকটীয়াৰ ক্ৰীড়া সংগঠক সমুদ্ৰ বুঢ়াগোহাঁই আৰু সমাজকৰ্মী বকুল চহৰীয়াক সম্বৰ্ধনা পত্ৰ, গ্ৰন্থ আৰু চেলেং চাদৰেৰে আপকু ডিব্ৰুগড় জিলাৰ এক সঁজাতি দলে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।
এই কাৰ্যসূচীত উপস্থিত থাকে আপকুৰ কেন্দ্ৰীয় উপ সভাপতি আব্দুল ৰাজ্জাক, কেন্দ্ৰীয় পত্ৰিকা সম্পাদক ব্ৰজেন গগৈ, ডিব্ৰুগড় জিলা আপকুৰ সভাপতি স্মৃতিৰেখা কলিতা, সম্পাদক নৱজিৎ দেৱ, জিলাৰ প্ৰাক্তন সম্পাদক কৃষ্ণা গগৈ, আচিফ আহমেদ সহ দুলীয়াজানৰ দিলিপ সাহ, পংকজ বড়া, নামৰূপৰ সমীৰণ বৰুৱা, নাহৰকটীয়াৰ দীপাংকৰ কাকতি, সাজন চৌধুৰী, প্ৰিয়ংকা সিংহ আদি জিলাৰ সদস্য উপস্থিত থাকি অনুষ্ঠানটিত সহযোগিতা আগবঢ়ায়।