/asomiyapratidin/media/media_files/2025/06/25/bgf-2025-06-25-22-07-17.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ আছাম ডাউন টাউন বিশ্ববিদ্যালয়ৰ নার্চিং অনুষদে অহা ২৭ জুন, ২০২৫ তাৰিখে “Workforce Development: Building Resilience and Retaining Talent in Today’s Health Care” শীৰ্ষক পঞ্চম ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰিছে।
এই সন্মিলনত উল্লেখিত বিশিষ্ট ব্যক্তিসকলে বক্তৃতা আগবঢ়াব। তেওঁলোক ক্ৰমে-
-
শ্ৰীমতী ছাই বালা মাডাঠিল, নার্সিং ডাইৰেক্টৰ, আমৃতা ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ, কোচি। তেওঁ “Strategic Workforce Planning and Skill Development” শীৰ্ষক বিষয়ত আলোচনাত বক্তৃতা আগবঢ়াব ।
-
ডা° বৰ্ণালী দাস, মানসিক সামাজিক কাৰ্যৰ জ্যেষ্ঠ অধ্যাপক, মনোবিজ্ঞান বিভাগ, জি এম চি এইচ, গুৱাহাটী। বৰ্ণালী দাসে “Talent Resilience and Well-being among Health Care Professionals” বিষয়ত আলোচনাত বক্তৃতা আগবঢ়াব।
-
শ্ৰীমতী অনিৰুদ্ধ ব্যানাৰ্জী, সহ-উপাধ্যক্ষ (HR & IR), পীয়াৰলেছ হস্পিটেল আৰু বি. কে. ৰয় ৰিচাৰ্চ চেন্টাৰ, কলকাতা। তেওঁ “Talent Retention through Engagement, Recognition and Career Pathways” শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়াব।
এই গৱেষণামূলক আৰু বৌদ্ধিক সমাবেশত বিভিন্ন প্ৰতিষ্ঠানৰ নার্চিং অনুষদৰ অধ্যাপক, প্ৰশাসক আৰু নার্চিং বিষয়া সকলক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।
সন্মিলনত পোষ্টাৰ আৰু গৱেষণামূলক প্ৰবন্ধ উপস্থাপনৰো আয়োজন কৰা হৈছে, যিয়ে একাডেমিক সুযোগ আগবঢ়াব। উল্লেখযোগ্য যে, অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হ’ব, যি ভাৰতৰ বহু সাংস্কৃতিক ঐক্য আৰু সৃষ্টিশীলতাৰ উজ্জ্বল দৃষ্টান্ত প্ৰদৰ্শন কৰিব।
এই ৰাষ্ট্ৰীয় সন্মিলনখন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত মানৱ সম্পদ উন্নয়নৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হ’ব বুলি আয়োজকে আশা প্ৰকাশ কৰিছে ।