'সাৰথি'ৰ পঞ্চম বাৰ্ষিক বসন্ত উৎসৱ সম্পন্নঃ 'বিনন্দীয়া বিহুনাম' উন্মোচন

চিলাপথাৰৰ স্বেচ্ছাসেৱী সংস্থা সাৰথিৰ উদ্যোগত আজি চিলাপথাৰ প্ৰবীণ ক্ৰীড়া সন্থাৰ বাকৰিত দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল পঞ্চম বাৰ্ষিক বসন্ত উৎসৱ ।      

author-image
Tushar Pratim
New Update
'সাৰথি'ৰ পঞ্চম বাৰ্ষিক বসন্ত উৎসৱ সম্পন্নঃ 'বিনন্দীয়া বিহুনাম' উন্মোচন

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰৰ স্বেচ্ছাসেৱী সংস্থা সাৰথিৰ উদ্যোগত আজি চিলাপথাৰ প্ৰবীণ ক্ৰীড়া সন্থাৰ বাকৰিত দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল পঞ্চম বাৰ্ষিক বসন্ত উৎসৱ । পুৱা ৭ বজাত সাৰথিৰ সদস্যসকলৰ দ্বাৰা পৰিবেশ নিকাকৰণ হোৱাৰ পাছত পুৱা ৯ বজাত সাৰথি পতাকা উত্তোলন কৰে সাৰথিৰ কাৰ্যকৰী সভাপতি বিনীতা চেতিয়াই আৰু বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মঞ্জু দাসে ।

Advertisment

স্মৃতি তৰ্পণ কৰে সাৰথিৰ মুখ্য সচিব মনোজ দাসে । ১১ বজাত বিহু মঞ্চ মুকলি কৰে সাংস্কৃতিক কৰ্মী নৃপেন বৰঠাকুৰে । অসম কবি সমাজৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা কবি ভুবন দাসে সঞ্চালনা কৰা পঞ্চম বাৰ্ষিক বসন্ত উৎসৱৰ মূল কাৰ্যসূচীত সাংস্কৃতিক কৰ্মী প্ৰবীন লাহন,অঞ্জুমণি গগৈ, মিনা দাস, কবি নয়নমণি দাস, যোগ গগৈ, প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ সচিব ৰেণু বৰুৱা, সমাজসেৱী আতুল বৰগোঁহাই, অৱসৰ প্ৰাপ্ত শিক্ষক সত্যনাথ দাস আদি বিশিষ্ট ব্যক্তিসকলে বিহুৰ ঐতিয্য আৰু বিৱৰ্তনৰ ওপৰত আলোকপাত কৰে ।

অনুষ্ঠানটোত উপস্থিত শিল্পীৰ দলে ঢোল-পেঁপাৰ তালে তালে বিহু নাম পৰিবেশন কৰে । বিহু কাৰ্যসূচীৰ মাজতে মোহন মণ্ডল, অভিষেক দত্ত, জোনমণি ৰাইত', হীৰণ্য মহন্তক সাৰথিৰ  শ্ৰেষ্ঠ সংগঠক বঁটা প্ৰদান কৰে অৱসৰপ্ৰাপ্ৰ অধ্যক্ষ যোচেফ বসুমতাৰীয়ে।

আন্তঃৰাষ্টীয় প্ৰবীণ খেলুৱৈ নাৰায়ণ বুঢ়াগোঁহাই, শিক্ষয়িত্ৰী মণিকা ভূঞা, বিতুমণি গগৈ আৰু তুলসী প্ৰভা দাসকো সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানতে ঢকুৱাখনাৰ শিক্ষয়িত্ৰী তুলহীপ্ৰভা দাসৰ বিহু নামৰ সংকলন  'বিনন্দীয়া বিহুনাম ' উন্মোচন কৰে কবি, সাহিত্যিক ভূবন দাসে ।

নুষ্ঠানটো শতাধিক জ্যেষ্ঠ ব্যক্তিক ব'হাগ বিহুৰ পৰম্পৰা অনুসৰি বস্ত্ৰদান কৰি সেৱা কৰাৰ লগতে অৰ্ধ শতাধিক কণিষ্ঠক বিহুৰ উপহাৰ দি মৰম যচা হয়।

চিলাপথাৰ ৰঙালী উৎসৱ