মণিপুৰত দুই বিদ্ৰোহী সংগঠনৰ সংঘৰ্ষ, নিহত ৫

মঙলবাৰে পুৱা মণিপুৰৰ ননে জিলাৰ দেইভেইজাং গাঁৱৰ অতব্য অৰণ্যত সংঘটিত হয় দুই বিদ্ৰোহী সংগঠনৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। এই সংঘৰ্ষত ৫গৰাকীকৈ উগ্ৰপন্থী নিহত হোৱাৰ খবৰ আহিছে।

author-image
Asomiya Pratidin
New Update
moni

ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা মণিপুৰৰ ননে জিলাৰ দেইভেইজাং গাঁৱৰ অতব্য অৰণ্যত সংঘটিত হয় দুই বিদ্ৰোহী সংগঠনৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। এই সংঘৰ্ষত ৫গৰাকীকৈ উগ্ৰপন্থী নিহত হোৱাৰ খবৰ আহিছে। মণিপুৰৰ নুংবাৰ পৰা দক্ষিণে প্ৰায় ৫০কিলোমিটাৰ নিলগত সংঘটিত হৈছিল এই সংঘৰ্ষ। উক্ত স্থানত আৰক্ষী তথা সেনা বাহিনীৰ লোক উপস্থিত হৈছে যদিও দুৰ্গম অঞ্চলৰ বাবে সবিশেষ খবৰ এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে। 

Advertisment

আৰক্ষীৰ এক সূত্ৰৰ খবৰ অনুসৰি, নিহত ৫গৰাকী বিদ্ৰোহীৰ নাম ক্ৰমে- এলেক্স, চেইবয়,পংগা, ৰিংগো আৰু ৰেম্বো। কুকি-চিন বিদ্ৰোহী সংগঠন দুটাৰ মাজত হোৱা এই সংঘৰ্ষত নিহত এই ৫গৰাকী কোনটো সংগঠনৰ আছিল এতিয়ালৈকে তাৰ কোনো তথ্য লাভ কৰা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, মণিপুৰত শান্তি স্থাপনৰ বাবে এই দুই সংগঠনে ২০০৮চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছিল। এই ঘটনা সংঘটিত হোৱাৰ পাছতে উক্ত অঞ্চলত অধিক সেনা মোতায়েন কৰিছে মণিপুৰ চৰকাৰে। 

মণিপুৰ