বিদায় ৪জি! দেশত ৫জি সেৱা আৰম্ভ কৰাৰ যো-জা চৰকাৰৰ

বিদায় ৪জি! দেশত ৫জি সেৱা আৰম্ভ কৰাৰ যো-জা চৰকাৰৰ

author-image
asomiyapratidin
New Update
বিদায় ৪জি! দেশত ৫জি সেৱা আৰম্ভ কৰাৰ যো-জা চৰকাৰৰ

ডিজিটেল ডেস্কঃ ২জি, ৩জিক বহু দূৰলৈ ঠেলি দি ভাৰতত এতিয়া ৰাজত্ব চলিছে ৪জিৰ। পিছে এই ৪জিৰ এনে দপদপনিৰ অন্ত পৰিবলৈকো বেছি দিন নাই। ৪জিক নিশ্চিহ্ন কৰি ভাৰতৰ টেলিকমৰ ক্ষেত্ৰখনত শীঘ্ৰেই আগমন ঘটিব পাৰে ৫জিৰ। শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰৰ দূৰ সংযোগ মন্ত্ৰণালয়ে যি তৎপৰতা অব্যাহত ৰাখিছে তালৈ চাই এনে অনুমানকে কৰিছে বহুতে।

Advertisment

উল্লেখ্য যে, ২০১৭ চনৰ ছেপ্টেম্বৰতেই ভাৰত চৰকাৰে এই সন্দৰ্ভত গঠন কৰি দিছিল এখন উচ্চস্তৰীয় বিশেষজ্ঞ সমিতি। ইতিমধ্যে এই সমিতিয়ে দেশত ৫জি স্পেকট্ৰাম সন্দৰ্ভত তৈয়াৰ কৰা 'মেকিং ইণ্ডিয়া ৫জি ৰেডী' শীৰ্ষক প্ৰতিবেদন এখন দূৰসংযোগ মন্ত্ৰণালয়ত জমা দিছে।

প্ৰতিবেদনখনত কোৱা হৈছে যে, ৫জি সেৱাৰ প্ৰচলনৰ লগে লগে দেশৰ অৰ্থ ব্যৱস্থাৰ লাভ হ'ব প্ৰায় ১লাখ কোটি ডলাৰ। দূৰসংযোগ মন্ত্ৰণালয়ৰ সচিব অৰুণা সন্দৰাজনৰ হাতত অৰ্পণ কৰা প্ৰতিবেদনত বিশেষজ্ঞ সমিতিয়ে মতপোষণ কৰে যে, ৫জি সেৱাৰ লগে লগে দেশৰ সকলো ক্ষেত্ৰতে বিপুল পৰিৱৰ্তনে দেখা দিব।

এই সেৱা প্ৰচলনৰ পূৰ্বে সকলো ক্ষেত্ৰৰ লোকসকলক সামৰি এখন কমিটি গঠন কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে বিশেষজ্ঞ সমিতিয়ে। ২০১৯ৰ অক্টোবৰৰ ভিতৰত ৫জি সৰ্ম্পকীয় সকলো নীতি নিৰ্দেশনা জাৰি কৰিব পাৰে চৰকাৰে। ৫জি সৰ্ম্পকে জনসাধাৰণক জনাবলৈ পূৰ্ণকালীন কাৰ্যকৰী সমন্বয়ক নিযুক্ত কৰিবৰ বাবেও চৰকাৰক পৰামৰ্শ দিছে উচ্চস্তৰীয় কমিটিখনে।