জিঅ’ৰ পূৰ্বেই আৰম্ভ হ’ব এয়াৰটেলৰ 5জি সেৱা ! দুই টেলিকম কোম্পানীৰ মাজত বৃহৎ যুঁজ…

জিঅ’ৰ পূৰ্বেই আৰম্ভ হ’ব এয়াৰটেলৰ 5জি সেৱা ! দুই টেলিকম কোম্পানীৰ মাজত বৃহৎ যুঁজ…

author-image
asomiyapratidin
New Update
জিঅ’ৰ পূৰ্বেই আৰম্ভ হ’ব এয়াৰটেলৰ 5জি সেৱা ! দুই টেলিকম কোম্পানীৰ মাজত বৃহৎ যুঁজ…

ডিজিটেল ডেস্কঃ দেশৰ দুই শীৰ্ষ নেটৱৰ্ক কোম্পানীৰ মাজৰ যুঁজখন হৈ পৰিছে অধিক আকৰ্ষণীয়। ২৯ আগষ্ট ২০২২, সোমবাৰে ৰিলায়েঞ্চ জিঅ'ৰ বাৰ্ষিক সাধাৰণ সভাত দেশত ৫ জি সেৱা মুকলিৰ বিষয়ে ঘোষণা কৰাৰ লগে লগে আন এক বৃহৎ টেলিকম কোম্পানী এয়াৰটেলেও ঘোষণা কৰিলে তেওঁলোকৰ ৫ জি সেৱাৰ বিষয়ে।

সোমবাৰে ৰিলায়েঞ্চ জিঅ'ৰ মূৰব্বী মুকেশ আম্বানীয়ে আগন্তুক দিপাৱলীত জিঅ'য়ে সমগ্ৰ দেশৰ প্ৰমুখ চহৰসমূহত জিঅ'ৰ ৫ জি সেৱা মুকলি কৰাৰ লগতে ২০২৩ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত দেশৰ প্ৰতিটো প্ৰান্ততে জিঅ'ৰ ৫ জি সেৱা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। ইয়াৰ পিছতেই এয়াৰটেলৰ কৰ্তৃপক্ষয়েও তেওঁলোকৰ ৫ জি সেৱাৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰিছে।

এয়াৰটেলৰ অধ্যক্ষ সুনীল মিত্তালে ভাৰতত এয়াৰটেলৰ ৫ জি সেৱা ঘোষণা কৰিছে। সংবাদ মাধ্যমকৰ আগত সুনীল মিত্তালে কয় যে, এয়াৰটেলে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা দেশত ৫ জি সেৱা আৰম্ভ কৰিব। ইফালে ভাৰত চৰকাৰেও অক্টোবৰৰ ১২ তাৰিখৰ পৰা ৫ জি সেৱা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে।

indian@100Economy Summit ত এয়াৰটেলৰ অধ্যক্ষ সুনীল মিত্তালে এয়াৰটেলৰ ৫ জি সেৱাৰ সম্পৰ্কে মন্তব্য কৰি কয় যে, গ্ৰাহকসকলে ৫জিৰ সুবিধা গ্ৰহণ কৰিবলৈ কিছু পৰিমাণে অধিক মূল্য পৰিশোধ কৰিব লাগিব। তেওঁ কয় যে, এয়াৰটেল ৫ জিৰ বাবে নতুন আঁচনি আনিব নোৱাৰে কিন্তু তেওঁৰ প্ৰিমিয়াম আঁচনিত এই সেৱা যোগ দিব পাৰে।