পি আই এল আঁচনিৰ অধীনত ৫.৮৪ লাখ প্ৰত্যক্ষ নিযুক্তি সম্পন্ন

কেন্দ্ৰীয় চৰকাৰৰ প্ৰডাক্টচন লিংকড ইনচেনটিফ চমুকৈ পি এল আই আঁচনিৰ অধীনত ২০২৪ৰ জুনলৈকে অভিলেখ সংখ্যক প্ৰত্যক্ষ নিয়োগ সম্ভৱ হৈছে। উক্ত সময়ছোৱাত ৫.৮৪ লাখ লোকে এই আঁচনিৰ অধীনত প্ৰত্যক্ষ নিযুক্তি লাভ কৰিছে। 

author-image
Asomiya Pratidin
New Update
pil

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ প্ৰডাক্টচন লিংকড ইনচেনটিফ চমুকৈ পি এল আই আঁচনিৰ অধীনত ২০২৪ৰ জুনলৈকে অভিলেখ সংখ্যক প্ৰত্যক্ষ নিয়োগ সম্ভৱ হৈছে। উক্ত সময়ছোৱাত ৫.৮৪ লাখ লোকে এই আঁচনিৰ অধীনত প্ৰত্যক্ষ নিযুক্তি লাভ কৰিছে। 

Advertisment

১৪টা খণ্ডত এই প্ৰত্যক্ষ নিয়োগ আঁচনিৰ দ্বাৰা ৩৬ শতাংশ নিযুক্তি ইতিমধ্যে লাভ কৰিছে। উল্লেখযোগ্য যে অহা ৫টা বছৰত চৰকাৰে উক্ত ১৪টা খণ্ডত ১৬.২ লাখ প্ৰত্যক্ষ নিযুক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে পি আই এল আঁচনিৰ সন্দৰ্ভত এই তথ্য সদৰী কৰিছে।

জানিব পৰা মতে মোবাইল ফোন, খাদ্য প্ৰস্তুতকৰণ, ঔষধ আদি খণ্ডসমূহে এই প্ৰত্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি আছে আৰু ৭৫ শতাংশ নিৰ্ধাৰিত লক্ষ্যৰ চাকৰি এই ৩টা খণ্ডতে সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

prime minister central govt