/asomiyapratidin/media/media_files/2025/03/12/pCbrgWEAMbTAPCqTa9qM.jpg)
কাইলৈৰ পৰা এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশন
ডিজিটেল, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফা পথাৰত কাইলৈ অৰ্থাৎ ১৩ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনথলী চালে চকুৰোৱা ৰূপত সজাই তুলিছে এবছুৱে । ইতিমধ্যে অধিবেশনথলীৰ অন্তিম পৰশ দিয়া কাম আৰম্ভ হৈছে আৰু নিশাৰ ভাগতে সম্পূৰ্ণৰূপে সাজু হৈ উঠিব অধিবেশনথলী ।
উল্লেখ্য যে এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনত এইবাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অমিত শ্বাহে অহা ১৬ মাৰ্চত এবছুৰ কেন্দ্ৰীয় অধিবেশন উপলক্ষে অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
/asomiyapratidin/media/media_files/2025/03/12/fPsZWFKNGKP0CnLi3Ttv.jpg)
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি ইতিমধ্যে বডোফা পথাৰত দুটাকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰাৰ লগতে হেলিপেডৰ পৰা মঞ্চ সংযোগী এটি চি চি ব্লকৰ পথ নিৰ্মাণ কৰি উলিওৱা হৈছে। তদুপৰি প্ৰশাসনে সমগ্ৰ এলেকাৰ লগতে জিলাখনতে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।
বাট- পথ চিকুণাই তোলাৰ লগতে অঞ্চলটো আৱৰ্জনামুক্ত কৰি তুলি সমগ্ৰ দোতমা অঞ্চল নৰূপত সজাই -পৰাই তোলা হৈছে। তদুপৰি দোতমাৰ চৌপাশে এবছুৰ হাজাৰ -হাজাৰ হালধীয়া পতাকাৰে অঞ্চলটো ভৰি পৰিছে আৰু এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হৈছে ।
প্ৰণিধানযোগ্য যে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও এবছুৰ কেন্দ্ৰীয় অধিবেশনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে অহা ১৪ মাৰ্চত অধিবেশথলীত অনুষ্ঠিত হ’বলগীয়া শিক্ষা আৰু যুৱ সমাৰোহৰ অনুষ্ঠানত অংশ ল’ব।
/asomiyapratidin/media/media_files/2025/03/12/bLi7lylRp30fkR4G3DyK.jpg)
এবছুৰ চাৰিদিনীয়া কেন্দ্ৰীয় অধিবেশনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ক্ৰমে উৰ্খাও গৌৰা ব্ৰহ্ম, ৰণোজ পেগু, বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰী, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী উপস্থিত থাকিব। একেদৰে লোকসভাৰ সাংসদ ক্ৰমে দিলীপ শইকীয়া, জয়ন্ত বসুমতাৰী উপস্থিত থাকিব।
তাৰোপৰি মন্ত্ৰী ক্ৰমে অতুল বৰা, অশোক সিংহল, কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, বড়ো -কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য পাৰিষদ মিহিনেশ্বৰ বসুমতাৰী আদিকে ধৰি ৰাজ্যৰ প্ৰায় প্ৰতিটো ছাত্ৰ সংগঠনৰ সভাপতি-সম্পাদক অধিবেশনৰ বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকিব ।
১৩ মাৰ্চ অধিবেশনৰ প্ৰথম দিন আৰু প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা ৮:৩০ বজাত গোঁসাইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰীয়ে অধিবেশনৰ মূল তোৰণ উদ্বোধন কৰিব । ইয়াৰ পিছতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৮:৪০ বজাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম সোঁৱৰণি মঞ্চ আৰু পেণ্ডল উদ্বোধন কৰিব।
তদ্ৰুপ ৮:৪৫ বজাত কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে বীৰ চিলাগাং বসুমতাৰী সোঁৱৰণি প্ৰতিনিধি হল আৰু শিবিৰ মুকলি কৰিব । আবেলি ৪-০০বজাত প্ৰতিনিধি আৰু অবজাৰ্ভাৰৰ পঞ্জীয়ন আৰু বিয়লি ৫:০০ বজাত এবছুৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ'ব ।
/asomiyapratidin/media/media_files/2025/03/12/pMMlw15ovCIELnT9GoiW.jpg)
আনহাতে সন্ধিয়া ৬:০০ বজাত অধিবেশনথলীত শান্তি আৰু প্ৰগতিৰ বাবে বন্তি প্ৰজ্বলন কৰিব এবছুৱে। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৮:০০ বজাত এবছুৰ পতাকা উত্তোলন কৰিব এবছুৰ সভাপতি দ্বীপেন বড়োৱে। ইয়াৰ পিছত ৮:৩০ বজাত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব এবছুৰ প্ৰাক্তন সম্পাদক পৰমেশ্বৰ ব্ৰহ্মই ।
আনহাতে ৮:৪৫ বজাত বড়োলেণ্ড শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব এবছুৰ উপসভাপতি খৌৰৌমদাও ওৱাৰীয়ে। ইপিনে অধিবেশনৰ চতুৰ্থ তথা অন্তিম দিনা অৰ্থাৎ ১৬ মাৰ্চৰ মুকলি সভাৰ কাৰ্যসূচীত প্ৰায় দুই লাখ লোকৰ সমাগম হ'ব বুলি ধাৰণা কৰা হৈছে ৷
অধিবেশনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ বুধবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী বডোফা পথাৰত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ৷ অধিবেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও বতৰক লৈ সামান্য চিন্তিত হৈছে আয়োজক সমিতি ।