/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3c8f78f7-2791-4772-9cc6-06fd233007be/sankardeva_04.jpg)
sankardeva
ডিজিটেল ডেস্কঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী। অসমীয়া নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক মহাপুৰুষজনাৰ এই জন্মজয়ন্তী অনুষ্ঠান ৰাজ্যৰ বিভিন্ন প্ৰান্তত অতি উলহমালহেৰে উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা, মাজুলী, বৰপেটা সত্ৰ, ঢেকীয়াখোৱা নামঘৰকে ধৰি ৰাজ্যৰ উল্লেখ্যে সত্ৰ, নামঘৰ সমূহত শংকৰজয়ন্তী উদযাপনৰ লগতে প্ৰায় প্ৰতিটো নাঘমৰত ঠায়ে ঠায়ে জাকমকতা আৰু ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈ হ'লেও উদযাপন কৰা হৈছে।
শাৰদীয় দুৰ্গা পূজাৰ দৰেই বিগত দুটা বছৰ কোভিড মহামাৰীৰ বাবে সত্ৰ, নামঘৰসমূহত গুৰু শংকৰৰ জন্ম জয়ন্তীভাগ অতি উলহ মালহেৰে অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছিল অসমীয়া সমাজখন। কোভিডসৃষ্টি পৰিৱেশ উন্নত হোৱাৰ বাবে এইবাৰ অতি ব্যাপক ভাৱে ভক্তিভাৱত বুৰ গৈ ৰাজ্যবাসীয়ে শংকৰজয়ন্তী উদযাপনৰ সুবিধা লাভ কৰিছে।
উল্লেখ্য যে শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক আনন্দ উল্লাসৰ মাজত গুৰু শংকৰৰ জন্মজয়ন্তী ম্লান পৰিব বুলি ধাৰণা কৰা হয় যদিও প্ৰায় প্ৰতিবছৰেই সত্ৰ আৰু নাঘমৰ সমূহে শংকৰ জয়ন্তীক ম্লান পৰিব দিয়া নাই। নাম, কীৰ্তন, প্ৰসংগকে ধৰি শংকৰী কলা-কৃষ্টিৰ পৰিৱেশনেৰে শংকৰ জয়ন্তীক অন্যান্য মাত্ৰ প্ৰদান কৰি আহিছে।
এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব। বিজয়ী দশমীৰ উলহ-মালহৰ মাজতো উল্লেখযোগ্য নামঘৰ, সত্ৰসমূহত বিস্তৃত্ব কাৰ্যসূচীৰে পুৱাৰে পৰা আৰম্ভ হৈছে শংকৰ জয়ন্তীৰ কাৰ্যসূচী। কোনো কোনো স্থানত দুদিনীয়া আৰু কোনো কোনো স্থানত তিনি দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তিথি।