ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰঙাপৰাৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে বিভিন্ন সময়ত অভিযান চলাই জব্দ কৰে ৫৫ কিঃগ্ৰাঃ নিচাজাতীয় সামগ্ৰী । ৰে'লৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰা এই সমুহ গাঞ্জা বৃহস্পতিবাৰে চমজাই দিয়ে ৰঙাপৰাৰ আবকাৰী বিভাগক।
ৰে'লৱে সুৰক্ষা বাহিনীয়ে পৃথক-পৃথক সময়ত যাত্ৰীবাহী ৰে'লত অভিযান চলাই অতি গোপনে সৰবৰাহ কৰা নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ ১৫৮৯৫ নম্বৰৰ ৰঙিয়া-মু্ংৰ্কচেলেক উজনিমুৱা ইণ্টাৰচিটি আৰু ১৪৬১৩ নম্বৰৰ গুৱাহাটী-মুংৰ্কচেলেক উজনিমুৱা লাচিত এক্সপ্ৰেছত সৰবৰাহকাৰীয়ে গাঞ্জাখিনি নি থকাৰ সময়তে ৰে'লৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰিছিল।
ৰঙাপৰাৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে আবকাৰী বিভাগৰ পৰিদৰ্শক মাধুৰ্য্য তালুকদাৰক চমজাই দিয়া নিচাজাতীয় নিষিদ্ধ দ্ৰব্যখিনিৰ ওজন হ'ব প্ৰায় ৫৫ কেজি। ইয়াৰ মূল্য প্ৰায় ৫ লাখ ৫০ হাজাৰ টকা হ'ব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰঙাপৰা ৰে'লৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীবাহী ৰে'লত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল।