/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f0f34a47-2175-4909-95e5-08eaabc1ea4a/lumding_18.jpg)
lumding
ডিজিটেল সংবাদ লামডিংঃ অবৈধ সামগ্ৰী সৰবৰাহৰ হটস্পটত পৰিণিত হৈছে লামডিং ৰে'লৱে ষ্টেচন। লামডিং ৰে'লৱে ষ্টেচনত প্ৰায় প্ৰতিদিনেই উদ্ধাৰ হৈ আহিছে এটাৰ পিছত আন এটা অবৈধ সামগ্ৰী। ড্ৰাগছ, গাঞ্জা, বাৰ্মিজ চুপাৰী, চিগাৰেটকে ধৰি অবৈধ সামগ্ৰী সৰবাৰহৰ ঘাটিস্বৰূপ লামডিঙত পুনৰ জব্দ হ'ল ৫৫ কেজি গাঞ্জা।
নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছত উদ্ধাৰ হোৱা এই গাঞ্জাখিনি কোনে সৰবৰাহ কৰিছিল সেই কথা জানিব পৰা নগ'ল যদিও এই অবৈধ সৰবৰাহে বহু প্ৰশ্নৰ উদ্ৰেক ঘটাই থৈ গ'ল। এই ৰে'লখনত বিগত দিন কেইটাত ধাৰাবাহিক ভাৱে উদ্ধাৰ হৈ আহিছে গাঞ্জাকে ধৰি অন্যান্য অবৈধ সামগ্ৰী।
পূৰ্বেও গৰাকীবিহীন বেগত আৰ পি এফে উদ্ধাৰ কৰিছিল গাঞ্জা। আজিও আৰ পি এফৰ চি আই বিৰ এটা দলে এই ৰে'লখনৰ এটা সাধাৰণ দবাৰ পৰা উদ্ধাৰ কৰিলে ৫৫ কেজি গাঞ্জা। এই ঘটনাৰ পিছতে প্ৰশ্ন উত্থাপন হৈছে, কোনো বাৰে বাৰে এইদৰে ৰে'লখনৰ জৰিয়তে অব্যাহত ৰাখিছে গাঞ্জাৰ সৰবৰাহ? এই ৰে'লখনত এইদৰে গাঞ্জা সৰবৰাহ কৰাৰ আঁৰত আছেনেকি ৰে'ল সুৰক্ষা বাহিনীৰ কোনো বিষয়া, কৰ্মচাৰীৰ সহযোগ?
উল্লেখ্য যে আজি লামডিং জংচনত আৰ পি এফৰ চি আই বি দলে অভিযান চলাই ১৫৯০৯ নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছ ৰে'লখনৰ এটা সাধাৰন শ্ৰেণীৰ ডবাৰ পৰা উদ্ধাৰ কৰে এই ৫৫ কেজি নিষিদ্ধ গাঞ্জা। উদ্ধাৰ কৰা গাঞ্জাখিনি বজাৰ কৰা প্লাষ্টিকৰ বেগৰ ভিতৰত ভৰাই আনিছিল সৰবৰাহকাৰীয়ে ৷ আৰ পি এফৰ বিষয়াৰ ভাষ্য অনুসৰি এই গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬ লাখ টকা।