/asomiyapratidin/media/media_files/2024/12/11/zAvxhr1kS2YcdVv0ZXrw.jpg)
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ ডি এ ভাট্টা ৫৩ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে জুলাইত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ ডি এ বৃদ্ধি কৰা পৰিমাণ আছিল ৩ শতাংশ। কিন্তু অতি শেহতীয়াকৈ ইয়াৰ পৰিমাণ ৫৩শতাংশলৈ বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে।
সপ্তম দৰমহা আয়োগৰ নীতি অনুসৰি বৃদ্ধি কৰা হৈছে ডি এ ভাট্টা। ইয়াৰ উপৰি এই আয়োগৰ অধীনত কৰ্মচাৰীসকলে কেতবোৰ সা- সুবিধা লাভ কৰিব। চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা এই ডি এ ভাট্টা বৃদ্ধিৰ ফলত আন ১৩টা গুৰুত্বপূৰ্ণ ভাট্টা ২৫ শতাংশ বৃদ্ধি কৰা হৈছে।
উল্লেখ্য যে ছেপ্তেম্বৰত যোগ্য কৰ্মচাৰীৰ বাবে অতিৰিক্ত দুটা ভাট্টা সংশোধন কৰা হৈছিল। সেই দুটা হৈছে- নাৰ্চিং ভাট্টা আৰু কাপোৰৰ ভাট্টা। পোছাক ভাট্টা বৃদ্ধিৰ ক্ষেত্ৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰদান কৰা স্মাৰকপত্ৰ অনুসৰি, প্ৰতিবাৰ সংশোধিত দৰমহা স্কেলত প্ৰদান কৰিবলগীয়া ডিয়াৰনেছ ভাট্টা ৫০% বৃদ্ধি হ’লে পোছাক ভাট্টাৰ হাৰ ২৫%লৈ বৃদ্ধি পাব।
একেদৰে নাৰ্চিং ভাট্টাৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ স্মাৰকপত্ৰ অনুসৰি ডিচপেনচাৰীত কাম কৰাই হওক বা চিকিৎসালয়ত কাম কৰাই হওক সকলো নাৰ্ছক নাৰ্চিং ভাট্টা প্ৰদান কৰা হয়। সেয়ে নাৰ্চিং ভাট্টা প্ৰদানৰ হাৰ সংশোধিত দৰমহা স্কেলত প্ৰদান কৰিবলগীয়া ডিয়াৰনেছ ভাট্টা প্ৰতিবাৰেই ৫০% বৃদ্ধি হ’লে ২৫% বৃদ্ধি পাব বুলি উল্লেখ কৰে।