তিনিদিনীয়া কাৰ্যসূচীৰে ৫২ সংখ্যক চিলাপথাৰ কেন্দ্ৰীয় ব’হাগী উৎসৱ উদযাপন...

বিহুতলি উন্মোচন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি যোগেন্দ্ৰনাথ ভূঞাই। বিয়লি অনুষ্ঠিত বিভিন্ন বিহু আৰু বিহু বাদ্যৰ প্ৰতিযোগিতাত ভাগ লয় বহু প্ৰতিযোগীয়ে।

author-image
Asomiya Pratidin
New Update
তিনিদিনীয়া কাৰ্যসূচীৰে ৫২ সংখ্যক চিলাপথাৰ কেন্দ্ৰীয় ব’হাগী উৎসৱ উদযাপন

তিনিদিনীয়া কাৰ্যসূচীৰে ৫২ সংখ্যক চিলাপথাৰ কেন্দ্ৰীয় ব’হাগী উৎসৱ উদযাপন

ডিজিটেল সংবাদ, চিলাপথাৰ : মঙলবাৰৰ পৰা চিলাপথাৰত আৰম্ভ হ'ল ৫২ সংখ্যক চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পত আৰম্ভ হৈছে এই উৎসৱ।

Advertisment

বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকে সমূহীয়াকৈ উদযাপন কৰা উৎসৱৰ পুৱাৰ কাৰ্য্যসূচী সামূহিক চাফাইৰে শুভাৰম্ভ হয়। তাৰ পিছতে গছপুলি ৰোপন কৰে অঞ্চলটোৰ কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তিয়ে।

উল্লেখ্য যে, সুদীৰ্ঘ ১৯৭৩ চনত ভূমিষ্ঠ হোৱা চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱৰ সৈতে জৰিত বহু বৰেণ্য লোকৰ স্বৰ্গগত আত্মাৰ সদগতিৰ কামনা কৰি স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক ৰঞ্জিত বুঢ়াগোহঁয়ে। উখল- মাখল পৰিবেশৰ মাজত বিশিষ্ট সমাজকৰ্মী গংগা পেগুৱে উদযাপন সমিতিৰ পতাকা আৰু ৰাজীৱ গগৈয়ে বিহু সমিতিৰ পতাকা উত্তোলন কৰে।

তাৰ পিছতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় সাংস্কৃতিক সমাৰোহ আৰম্ভ হয়। বিহুতলি উন্মোচন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি যোগেন্দ্ৰনাথ ভূঞাই। বিয়লি অনুষ্ঠিত বিভিন্ন বিহু আৰু বিহু বাদ্যৰ প্ৰতিযোগিতাত ভাগ লয় বহু প্ৰতিযোগীয়ে।

silapathar