/asomiyapratidin/media/media_files/2025/07/17/mancachar-17-2025-07-17-23-07-56.jpg)
ডিজিটেল সংবাদ মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাক ড্ৰাগছমুক্ত জিলা হিচাপে গঠন কৰিবলৈ জিলা প্ৰশাসনে সমাজকল্যাণ বিভাগৰ সহযোগত মানকাচৰত ৫১ টা মাতৃগোট গঠন কৰিছে। সেই মাতৃগোটসমূহক আজি ঝাউডাঙা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দিনজোৰা কাৰ্যসূচীৰে বিশেষ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়।
এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা অতিৰিক্ত আয়ুক্ত ৰিপুন জ্যোতি নাথ, জিলা সমাজকল্যাণ বিষয়া নন্দিতা চহৰীয়া, জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়া প্ৰমুখ্যে কেবাগৰাকী বিষয়া উপস্থিত আছিল। জিলা সমাজকল্যাণ বিভাগৰ পৰা মাতৃগোটসমূহক প্ৰশিক্ষণ প্ৰদান কৰা হয়।
মাতৃ গোটত থকা সদস্যা মাতৃসকলে নিজৰ নিজৰ গাঁৱত ড্ৰাগছ আসক্ত লোকক সাধাৰণ জীৱনলৈ উভতাই অনাৰ ক্ষেত্ৰত বিশেষভাৱে চেষ্টা কৰাৰ লগতে কোনো লোক যাতে ড্ৰাগছ আসক্ত নহয় তাৰ প্ৰতিও নজৰ ৰাখিব বুলি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জানিবলৈ দিছে। লক্ষণীয় যে, জিলাখন ড্ৰাগছমুক্ত জিলা গঠনৰ বাবে দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনে আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশত মাতৃ গোট গঠন কৰিছে।