/asomiyapratidin/media/media_files/2025/06/30/russia-30-2025-06-30-16-56-38.jpg)
ডিজিটেল ডেস্কঃ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ বিৰতি হোৱাৰ পিছতে ইফালে ইউক্ৰেইন আৰু ৰাছিৰায়ৰ মাজৰ যুদ্ধৰ তীব্ৰতা বৃদ্ধি পাইছে। ৫০ হাজাৰকৈ ৰাছিয়ান সৈন্য প্ৰৱেশ কৰিছে ইউক্ৰেইনৰ উত্তৰ আৰু পূৱ প্ৰান্তত। সংৰক্ষিত বাহিনীতো আছে সমান সংখ্যক সেনা। এই সেনা বাহিনীক সকলো সময়তে সমৰ্থন কৰিব পৰাকৈ সাজু হৈ আছে ড্ৰোণ আৰু যুঁজাৰু বিমান।
যোৱা সপ্তাহত ৰাছিয়াই এই বিশাল সামৰিক শক্তিৰে উত্তৰ আৰু পূব ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ সংবাদ মাধ্যম ৱাল ষ্ট্ৰীট জাৰ্নেলৰ মতে, তেওঁলোকে ইতিমধ্যে উত্তৰ-পূব ইউক্ৰেইনৰ আঞ্চলিক ৰাজধানী ছুমিৰ পৰা ১৯ কিলোমিটাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
ইউক্ৰেইনৰ নিয়ন্ত্ৰণৰ পৰা ৰাছিয়াৰ কুৰ্স্ক ভূখণ্ড পুনৰ দখল কৰাৰ পিছত ভ্লাদিমিৰ পুটিনৰ সামৰিক বাহিনীয়ে চলিত মাহৰ আৰম্ভণিৰে পৰা পুনৰ স্থল আক্ৰমণ আৰম্ভ কৰিছিল। তেওঁলোকে পূব ইউক্ৰেইনৰ ডনেস্ক আৰু লুহানস্ক অঞ্চল যাক একেলগে ডনবাছ নামেৰে জনা যায় সেই অঞ্চলৰ ৫০ শতাংশতকৈ অধিক অংশ নিজৰ নিয়ন্ত্ৰণলৈ নিছে।
লক্ষ্যণীয় যে, ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথমবাৰৰ বাবে ৰাছিয়াক ইমান বেছি আক্ৰমণাত্মক ৰূপত দেখিবলৈ পাইছে বুলি বিশেষজ্ঞসকলে দাবী কৰিছে। ইউক্ৰেইনৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষ জেনেৰেল অলেক্সেণ্ড্ৰ ছিৰস্কিয়ে ৰাছিয়াৰ সামৰিক বাহিনীৰ এনে আগ্ৰাসনৰ কথা স্বীকাৰ কৰিছে।
তেওঁ কয়, "তেওঁলোকে (ৰাছিয়াই) আমাক আগুৰি ধৰিছে। আৰু সেই কৌশল ব্যৱহাৰ কৰি তেওঁলোকে ভূখণ্ড দখল কৰাৰ চেষ্টা কৰিছে।" ৰাছিয়াই স্থলযুদ্ধত ভূখণ্ড দখল কৰাৰ পৰম্পৰাগত সামৰিক কৌশল ব্যৱহাৰ কৰিছে। এনে কৌশল অনুসৰি যদিহে বায়ু সেনাৰ সফল সহাৰি আৰু শত্ৰুক তিনিগুণ অধিক শক্তিৰে আক্ৰমণ কৰা যায় তেন্তে সফলতা প্ৰায় নিশ্চিত।
অৱশ্যে এতিয়াও ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ প্ৰতিহত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাছিয়ান সেনাক প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিৰ কাৰ্যালয়ৰ দ্বাৰা নিয়ন্ত্ৰিত এইচ ইউ আৰ চোৰাংচোৱা সংস্থাৰ "বিশেষ বাহিনী ইউনিট"কো নিয়োগ কৰা হৈছে।
উল্লেখ্য যে, ২০২১ চনৰ শেষৰ ফালে ৰাছিয়াই নিজৰ দখললৈ নিয়া ইউক্ৰেইনৰ জাপ’ৰিজিয়া আৰু খেৰচনৰ দৰে চহৰ পিছত ইউক্ৰেইনৰে পুনৰ নিজৰ দখললৈ নিবলৈ সক্ষম হৈছিল।কিন্তু ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকালত কিভলৈ আমেৰিকাৰ সামৰিক সাহায্য বন্ধ হোৱাৰ লগে লগে ইউক্ৰেইনৰ শক্তি হ্ৰাস হয়।
ৰাছিয়ান সেনাৰ ধাৰাবাহিক ড্ৰোণ আক্ৰমণ, বিমান আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সন্মুখীন হৈ ইউক্ৰেইনৰ সেনা পিছুৱাই যাব লগীয়া হয় হৈছে। খবৰ অনুসৰি ৰাছিয়াৰ সেনাই বিগত এমাহত কিছু কিছু অঞ্চলত যুদ্ধক্ষেত্ৰৰ পৰিধি প্ৰায় ১০০ কিলোমিটাৰ সম্প্ৰসাৰণ কৰিছে। ফলত ইউক্ৰেইনৰ সেনাইও তেওঁলোকৰ সৈতে মুখামুখি হ’বলৈ ‘যুদ্ধৰ ফ্ৰণ্ট’ বহল কৰিবলগীয়া হৈছে। ফলত তেওঁলোকৰ প্ৰতিৰক্ষা দুৰ্বল হৈ পৰিছে।