/asomiyapratidin/media/media_files/2025/11/07/149-2025-11-07-10-15-41.jpg)
ডিজিটেল সংবাদ, ধেমাজি : বংকিম চন্দ্ৰ চট্টপধ্যায়ে ১৮৮২ চনত ৰচনা কৰা “বন্দে মাতৰম” গীতটি ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ অধীনত আজিৰে পৰা সংসদীয় সমষ্টিসমূহত “বন্দে মাতৰম ” গীতটি এক বিশেষ কাৰ্য্যসূচী হিচাপে আয়োজন কৰিছে ৷ ৭ আৰু ৯ নৱেম্বৰত দুদিনীয়াকৈ লখিমপুৰ লোকসভা সমষ্টিৰ অধীনত আয়োজন কৰা সম্পৰ্কে বৃহস্পতিবাৰে ধেমাজি আৱৰ্ত্ত ভৱনত সাংসদগৰাকীয়ে এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷
প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ৬টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব লগা এই বিশেষ কাৰ্য্যসূচীটোৰ আজি প্ৰথম দিনা লখিমপুৰৰ বিহপুৰীয়াত ৫০০০ গৰাকী লোকে একেলগে “বন্দে মাতৰম ” পৰিৱেশন কৰিব ৷ স্বাধীনতা আন্দোলনত বিশেষ
ভূমিকা গ্ৰহন কৰা এই “ বন্দে মাতৰম” গীতক সাংসদগৰাকীয়ে ৰজাঘৰীয়া গীত বুলি উল্লেখ কৰি “ বন্দে মাতৰম ” গীতটি জনসাধাৰণৰ মাজত সদায় সজীৱ কৰি ৰখা উদ্দেশ্যে কেন্দ্ৰীয় চাকাৰৰ এক প্ৰয়াস বুলিও তেওঁ অৱগত কৰে ৷
অহা ৯ নৱেম্বৰত দ্বিতীয়টো দিনত বিজেপি দলৰ মণ্ডল পৰ্যায়ৰ স্তৰলৈকে কাৰ্য্যসূচী আগবঢ়াই নি পাঁচৰ পৰা এহেজাগৰাকী লোকে একেলগে “ বন্দে মাতৰম ” গীত পৰিৱেশন কৰিব বুলি সংবামেলযোগে জানিবলৈ দিয়ে ৷ ইফালে প্ৰাক্তন বিজেপি নেতা ৰাজেন গোঁহাইয়ে অসম জাতীয় পৰিষদত যোগদান কৰা সৰ্ন্দভত সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত সাংসদ প্ৰদান বৰুৱাই কয় - বিজেপি দলটো নীতি নিয়মত চলা দল, এই দলত গোহাঁইয়ে নীতি নিয়ম মনাতো বাধ্যতামূলক হোৱাত তেওঁ অসুবিধা অনুভৱ কৰিছে ৷
ইয়াৰ উপৰিও বিজেপি দলত অধিক বয়সলৈকে ৰাজনীতি কৰাত যথেষ্ট অসুবিধা আছে ৷ সেয়ে অসম জাতীয় পৰিষদত থাকিলে ৰাজেন গোহাঁইৰ কোনো অসুবিধা নহয় বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ৷ সংবাদমেলৰ জৰিয়তে সাংসদ বৰুৱাই এজেপি লৈ গমন কৰা ৰাজেন গোঁহাই লৈ শুভেচ্ছা জনায় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us