/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c85b6569-dac6-492b-ab85-6c0433873597/AP_FOR_WEB_fitness.jpg)
ডি়জিটেল ডেস্ক: শৰীৰৰ ওজন বৃদ্ধি আজিকালি আমাৰ সকলোৰে বাবে এটা সাধাৰণ সমস্যাত পৰিণত হৈছে।ব্যস্ত সময়সূচীৰ বাবে শাৰীৰিক ব্যায়াম তথা খাদ্যাভাসত গুৰুত্ব নিদিয়াৰ ফলতেই আমাৰ শৰীৰটোয়ে অপ্ৰয়োজনীয় ওজন বৃদ্ধি কৰে।এতিয়া ঠাণ্ডাৰ দিন।এই সময়ছোৱাত আমাৰ শৰীৰটোৰ ওজন আৰু অধিক বৃদ্ধি হয়। বহু অধ্যয়নত প্ৰমাণিত হৈছে যে গ্ৰীষ্মকালৰ তুলনাত শীতকালত আমাৰ খোৱাৰ প্ৰৱণতা অধিক হয়, সেয়ে ওজনো বহুগুণে বৃদ্ধি হয়।পিছে এই সময়ছোৱাত আপুনি খাদ্য তালিকাত কিছু খাদ্য অন্তৰ্ভূক্ত কৰি শৰীৰৰ ওজন আচৰিতভাৱে কমাব পাৰে।প্ৰাকৃতিকভাৱে ওজন কমাবলৈ আপুনি খাব পৰা খাদ্যসমূহ হৈছে-
গাজৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/743a4cd0-73f2-48ef-a070-54bae20d2a54/carrot.jpg)
ঠাণ্ডা দিনত গাজৰ অতি সহজলভ্য।এই শিপাজাতীয় পাচলিবিধক সম্পূৰ্ণ স্বাস্থ্য উপযোগী খাদ্য। গাজৰ বিটা কেৰোটিন, ফাইবাৰ, ভিটামিন কে ১, পটাছিয়াম, আৰু এণ্টিঅক্সিডেণ্টৰ এক ভাল উৎস।গাজৰত কেলৰি অতি কম পৰিমাণে থাকে। সেয়ে ওজন কমোৱাৰ বাবে গাজৰত অতি উত্তম খাদ্য বুলি গণ্য কৰা হয়।চালাড, চুপ, ভাজিকে ধৰি বিভিন্ন ধৰণৰে সুস্বাদু কৰি গাজৰ আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে।
বীটৰুট
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/54280be0-256a-4f45-8095-aa7db493798b/beetroot.webp)
ওজন হ্ৰাসত বীটৰুটে যথেষ্ট সহায় কৰে।বীটৰুট আঁহেৰে ভৰ্তি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগৰ (ইউএছডিএ) মতে, এশ গ্ৰাম বীটৰুটত প্ৰায় ০.২ গ্ৰাম চৰ্বি আৰু ১০ গ্ৰাম কাৰ্বহাইড্ৰেটৰ সৈতে প্ৰায় ৪৩ কেলৰি থাকে। দৈনিক বীটৰুট খালে ওজন কমাত আপোনাৰ যথেষ্ট সহায় কৰিব পাৰে।
ডালচেনি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7c8b966b-620f-4f34-a370-928edb49c08e/dlchini.jpg)
ঠাণ্ডা দিনত সাধাৰণতে আমি মছলাজাতীয় খাদ্য বেছিকৈ খায় ভালপাঁও। পিছে মছলা খায়ো আপুনি আপোনাৰ ওজন কমাব পাৰে। আচৰিত যেন লাগিলেও এয়া সঁচা। আমাৰ সকলোৰে অন্যতম পছন্দৰ মছলা ডালচেনি এজন কমোৱাত বৰ সহায়ক। ডালচেনিয়ে প্ৰাকৃতিকভাৱে বিপাক বৃদ্ধি কৰাত সহায় কৰে।
মেথি গুটি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/18ed3ee9-e3ad-4659-b1c0-f34376b19005/meethi.jpg)
ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰা আৰু ইনচুলিনৰ নিঃসৰণ বৃদ্ধি কৰাত মেথি গুটি অতি কাৰ্যকৰী। তদুপৰি মেথি বিপাক বৃদ্ধি কৰাত সহায়ক হয়।মেথি গুটি একাপ পানীত ৰাতি তিয়াই থৈ সেই পানী ৰাতিপুৱা খালে ই স্বাস্থ্যৰ যথেষ্ট উপকাৰ কৰিব পাৰে।
মধুৰিআম
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/df77dc30-0ff5-4df3-877e-90a095f287c2/guava.jpg)
Also Read: 15 Amazing Guava Benefits: মধুৰিআমৰ গুণাগুণৰ বিষয়ে আপুনি জানেনে?
শীতকালৰ ফলবোৰৰ ভিতৰত অন্য এবিধ সোৱাদযুক্ত ফল হৈছে মধুৰিআম।মধুৰিআমত যথেষ্ট পৰিমাণে আঁহ থাকে। মধুৰিআমত থকা আঁহে শৰীৰক দৈনিক প্ৰয়োজনীয় আঁহৰ প্ৰায় ১২শতাংশ পূৰণ কৰিব পাৰে। মধুৰিআম পাচন তন্ত্ৰৰ স্বাস্থ্যৰ বাবেও যথেষ্ট কাৰ্যকৰী। দ্ৰুত বিপাকৰ বাবে ই অতি ভাল খাদ্য, যি শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে।