/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/elect.png)
ডিডিটেল ডেস্ক: উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ বাবে অব্যাহত আছে ভোটগণনা। প্ৰথম অৱস্থাত উত্তৰ প্ৰদেশত বিজেপি, পঞ্জাৱত আম আদমী পাৰ্টীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰে।
পুৱা ১০ বজালৈকে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ লগতে পঞ্জাৱত অগ্ৰগতি লাভ কৰিছে আম আদমী পাৰ্টীয়ে।
পুৱা ১০ বজালৈকে উত্তৰ প্ৰদেশত বিজেপিয়ে বহুমত লাভ কৰা দেখা গৈছে। ৪০৩ খন আসনৰ ভিতৰত ৩৬৪ খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে।
পঞ্জাৱত কংগ্ৰেছ পিছ পৰি ৰৈছে অন্যহাতে অগ্ৰগতি লাভ কৰিছে। পুৱা ১০ বজালৈকে আম আদমী পাৰ্টীয়ে আগবাঢ়ি আছে অন্যহাতে মুখ্যমন্ত্ৰী চিৰনজিত চন্নীয়ে দুয়োখন আসনতে পিছ পৰি ৰৈছে।
গোৱাত পুৱা ১০ বজালৈকে ১৯ খন আসনত বিজেপিৰ অগ্ৰগতি, ১৩খনত কংগ্ৰেছৰ অগ্ৰগতি আৰু তৃণমূল কংগ্ৰেছ ৪খন আসনত আগবাঢ়ি আছে।
মণিপুৰত বিজেপিৰ অগ্ৰগতি দেখা গৈছে। ১০ বজালৈকে ২৮ খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। কংগ্ৰেছে আগবাঢ়ি আছে ৯ খন আসনত।
উল্লেখ্য যে, পঞ্জাৱত ১১৭ খন আসন, উত্তৰাখণ্ডত ৭০ খন আসন, মণিপুৰত ৬০ খন আসন, গোৱাত ৪০ খন আসন, আৰু উত্তৰ প্ৰদেশত ৪০৩ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে।