/asomiyapratidin/media/media_files/2025/06/13/Ko7GSSlB8kpCH0qTbDOu.jpg)
ডিজিটেল ডেস্ক : ১২ জুন ২০২৫। সময় তেতিয়া দুপৰীয়া। ভাতকেইটা খাও বুলি ছাত্ৰাবাসৰ আবাসীসকলে আৰম্ভ কৰিছিলহে মাত্ৰ। এনেতে ভয়ংকৰ শব্দ কৰি মূহুৰ্ততে দেৱাল ভেদি সোমাই আহিল এয়াৰ ইণ্ডিয়াৰ ১৭১ নম্বৰৰ বিমানখনৰ এটা প্ৰকাণ্ড টুকুৰা।
ভাতৰ কাহী মুখৰ আগতলৈ খাবলৈ বহা শিক্ষাৰ্থীসকলৰ মাজত লাগিল হুৱাদুৱা। সৃষ্টি হ'ল আতংকময় পৰিস্থিতিৰ। নিমিষতে চূৰমাৰ হৈ যোৱা সেই অভিশপ্ত বিমানখনে কাঢ়ি নিলে বি জে মেডিকেল কলেজৰ ৫গৰাকী চিকিৎসকৰ জীৱন। থানবান হৈ গ'ল সপোনবোৰ। খোৱাও নহ'ল ভোকৰ ভাতসাঁজ।
তাৰোপৰি এই অভিশপ্ত বিমান দুৰ্ঘটনাত বি জে মেডিকেল কলেজৰ ছাত্ৰাবাসৰ ৪০ গৰাকীৰো অধিক আবাসী তথা চিকিৎসক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ শেহতীয়া খবৰ অনুসৰি ইয়াৰে কেইবাগৰাকী চিকিৎসক সম্প্ৰতি জীৱন- মৃত্যুৰে ছটফটাই আছে হাস্পতালৰ বিচনাত।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, বৃহস্পতিবাৰে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে যাত্ৰা কৰিছিল এয়াৰ ইণ্ডিয়াৰ ১৭১ নম্বৰৰ ফ্লাইটখন। কিন্তু দুৰ্ভাগ্যৱশতঃ উৰণৰ মাত্ৰ ৫ মিনিট পাছতে বিমানখন দুৰ্ঘটনাত পতিত হৈ মূহুৰ্ততে চূৰমাৰ হৈ যায়।
বিমানখনত আছিল দেশী - বিদেশী ২৪২গৰাকী যাত্ৰী। ইতিমধ্যে ইয়াৰ মাজৰ ২৪১ গৰাকী যাত্ৰীৰ নিহত হোৱাৰ লগতে এজন যাত্ৰী মৃত্যু গহ্ববৰৰ পৰা উভতি আহিবলৈ সক্ষম হৈছে।
জানিব পৰা মতে, মৃতকৰ ডি এন এ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হ'ব মৃতকৰ সবিশেষ তথ্য।