![0](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/02/3cbzLmOKak2QiLhee1xr.jpg)
ডিজিটেল সংবাদ,নগাঁও: চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষীয়ে চলায় গৈছে অভিযান । সমান্তৰালভাৱে গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলায় ৫ জনীয়া এটা চাইবাৰ অপৰাধী চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
চাইবাৰ চক্ৰটোৰ ৫ জন সদস্যৰ তিনিজন হৈছে লখিমপুৰৰ, এজন শোণিতপুৰ আৰু আনজন নগাঁও জিলাৰ ৰূপহীহাটৰ । এই সন্দৰ্ভত ১১৬৮/২০২৪ নম্বৰৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অভিযান চলাইছিল । উল্লেখ্য যে একেটা গোচৰৰ ভিত্তিতে কিছুদিন পূৰ্বে আন ৫ গৰাকীকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
লখিমপুৰৰ পৰা কৰায়ত্ব কৰা অভিযুক্ত কেইজনৰ নাম হৈছে অভিজিত কলিতা,বাবুল গগৈ আৰু বিজিত সোণোৱাল । লগতে শোণিতপুৰৰ ইনামূল হকক গ্ৰেপ্তাৰ কৰাৰ উপৰিও নগাৱৰ ৰূপহীহাটৰ নাজিম উদ্দিনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।