দেশত বাঢ়িছে গৰমৰ প্ৰকোপ, দিল্লীত ইয়েল্ল' এলাৰ্ট

সমগ্ৰ দেশত বাঢ়িছে গৰমৰ প্ৰকোপ। দেশৰ ৰাজধানী দিল্লীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত দিনটোৰ উষ্ণতাৰ বাবে মানুহৰ সমস্যাৰ সৃষ্টি হৈছে। তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেইদিনমানৰ ভিতৰত ৪২ ডিগ্ৰীৰ ওপৰত থাকিব বুলি উল্লেখ কৰিছে।

author-image
Asomiya Pratidin
New Update
বাঢ়িছে গৰমৰ প্ৰকোপ

বাঢ়িছে গৰমৰ প্ৰকোপ

ডিজিটেল ডেস্ক: সমগ্ৰ দেশত বাঢ়িছে গৰমৰ প্ৰকোপ। দেশৰ ৰাজধানী দিল্লীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত দিনটোৰ উষ্ণতাৰ বাবে মানুহৰ সমস্যাৰ সৃষ্টি হৈছে। তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেইদিনমানৰ ভিতৰত ৪২ ডিগ্ৰীৰ ওপৰত থাকিব বুলি উল্লেখ কৰিছে। বতৰ বিজ্ঞানীসকলে দুপৰীয়া ঘৰৰ পৰা ওলাই নাযাবলৈ আহ্বান জনাইছে সাধাৰন জনতাক। দেশৰ ৰাজধানী চহৰখনত জাৰি কৰা হৈছে ইয়েল্ল' এলাৰ্ট।

Advertisment

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, শনিবাৰে দিল্লীত প্ৰবল বতাহ বলিব। ইয়াৰ লগতে বিভিন্ন স্থানত তাপ তৰংগৰ বৃদ্ধি হৈ দিনটোত সৰ্বোচ্চ উষ্ণতা প্ৰায় ৩৯ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ১৯ ডিগ্ৰী চেলছিয়াছ হ'বগৈ। আগন্তুক পাঁচ দিনত দিল্লীৰ তাপমাত্ৰা ৪০ৰ পৰা ৪২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। 

আনহাতে, অসমতো বাঢ়িছে গৰমৰ প্ৰকোপ। শনিবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা থাকিব ৩৩ ডিগ্ৰী চেলছিয়াছ, আনহাতে সৰ্বনিম্ন তাপমাত্ৰা হ'ব ২১ ডিগ্ৰী চেলছিয়াছ। এসপ্তাহৰ পাছতে বৰষুণৰ সম্ভাৱনা আছে গুৱাহাটীত।

দিল্লী প্ৰচণ্ড গৰম গৰম