Loksabha Election 2024: কাইলৈ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন

Loksabha Election 2024: কাইলৈ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন

ডিজিটেল ডেস্কঃ দেশত চলি আছে ৭টা পৰ্যায়ত লোকসভা নিৰ্বাচন। ইতিমধ্যে ৩টা পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হৈছে। তিনিটা পৰ্যায়ত ৪৬ খন ৰাজ্যত সৰ্বমুঠ ২৮৫টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ যায়।

সোমবাৰে দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। ইতিমধ্যে দেশত চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠিছে।

এই পর্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত সোমবাৰে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫বজালৈ ভোটগ্রহণ কৰা হ'ব। ইয়াৰ ভিতৰত অন্ধ্র প্রদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্য প্রদেশ আৰু পশ্চিম বংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে।

এই পৰ্যায়ৰ বাবে মুঠ ১৭১৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুর্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্রপ্রদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ ১৪৭ খন আসনৰ ২৮ খনৰ বাবে ভোটগ্রহণ কৰা হ'ব।

উল্লেখযোগ্য যে ২০ মে’ত পঞ্চম পৰ্যায়ত ৮খন ৰাজ্যৰ ৪৯খন আসনত হ’ব নিৰ্বাচন। ২৫ মে’ত ষষ্ঠ পৰ্যায়ত ৭খন ৰাজ্যৰ ৫৭খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন আৰু ১জুন তাৰিখে সপ্তম পৰ্যায়ত ৮ ৰাজ্যৰ ৫৭টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোটগণনা অনুষ্ঠিত হ'ব ৪ জুনত।

Loksabha Election 2024: কাইলৈ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন
আপুনি বৰ্দ্ধিত ওজনক লৈ চিন্তিত নেকি? এই ৩বিধ পানীয় সেৱন কৰি ওজন কমাওক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in