Advertisment

কোকৰাঝাৰত চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱ আৰম্ভ…

শান্তিৰ বাৰ্তাৰে আৰম্ভ হোৱা চতুৰ্থ সংখ্যক কোকৰাঝাৰ সাহিত্য উৎসৱ আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে মুকলি কৰে । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  কোকৰাঝাৰ সদৰ চহৰৰ বডোফা সাংস্কৃতিক প্ৰকল্প প্ৰাংগনত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে চতুৰ্থ সংখ্যক কোকৰাঝাৰ সাহিত্য উৎসৱ। শান্তিৰ বাৰ্তাৰে আৰম্ভ হোৱা চতুৰ্থ সংখ্যক কোকৰাঝাৰ সাহিত্য উৎসৱ আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে মুকলি কৰে । 

Advertisment

বন্তি প্ৰজ্বলেনেৰে শুভাৰাম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ সাৰিনগেইন লংকিউমেৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰোপৰি সাহিত্য একাডেমীৰ উপ সভাপতি অধ্যাপক কুমুদ শৰ্মা , বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰ , মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী আদিকে ধৰি বহু বিশিষ্টই সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। 

উক্ত অনুষ্ঠানতে ’লিৰথুনলাই’ নামৰ সাহিত্য উৎসৱৰ মুখপত্ৰ উন্মোচন হোৱাৰ পিছতে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ বড়ো বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোবিন্দ বড়ো আৰু সহকাৰী অধ্যাপিকা ড° নিৰ্মালি দাসে বড়ো ভাষাত সম্পাদনা কৰা “খৌসিথিনি সিবিয়াৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ” নামৰ গ্ৰন্থ এখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। 


উল্লেখ্য যে অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত শংকৰদেৱৰ "অংকীয়া পাৰিজাত হৰণ" অন্তৰ্ভুক্ত হৈছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমতো শংকৰদেৱৰ বৰগীত সত্ৰীয়া নৃত্য অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু শংকৰদেৱৰ ৰচনাৰাজি নৱপ্ৰজন্মৰ বাবে তথা বৌদ্ধিক চিন্তা চৰ্চাৰ বাবে জনজাতীয় ভাষালৈ অনুবাদ হোৱা গ্ৰন্থ তেনেই তাকৰ । 

সেই কথা চিন্তা কৰিয়ে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, গোঁসাইগাঁও বি এড কলেজৰ অধ্যক্ষ লগতে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক, শিক্ষক, বড়ো ভাষাৰ সাহিত্য অকাডেমি পদ্মশ্ৰী বঁটাপ্ৰাপক ড০ অনিল বড়োৰ লগতে সাত গৰাকীকৈ লেখকৰ শংকৰদেৱ বিষয়ক গৱেষণা ধৰ্মী উন্নত মানদণ্ডৰ লেখা আৰু দহটা অনুদিত প্ৰৱন্ধৰে সম্পাদিত "সমন্বয়ৰ সাধক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ" নামে গ্ৰন্থখন উন্মোচন কৰা হয় । 

এই গ্ৰন্থখনে বহুদিনীয়া অভাৱ পূৰণ কৰাৰ লগতে বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শৈক্ষিক সমাজত যথেষ্ট অৰিহণা যোগাব বুলি বিশিষ্ট লিখক গোবিন্দ বড়োই সদৰি কৰে ৷

ইপিনে উদ্বোধনী অনুষ্ঠানৰ পিছতে সংবাদমাধ্যমৰ আগত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সাহিত্য উৎসৱৰ উদ্দেশ্য সফল হ'ব বুলি আশা প্ৰকাশ কৰিছে। সাহিত্যৰ কোনো সীমা নাথাকে বুলি মন্তব্য কৰি কোকৰাঝাৰ সাহিত্য উৎসৱত দেশ -বিদেশৰ কবি-সাহিত্যিক একগোট হোৱাত আনন্দ প্ৰকাশ কৰে । আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ সাৰিনগেইন লংকিউমেৰে বিটিআৰ চুক্তিৰ পিছত অঞ্চলটোলৈ শান্তিৰ বাতাবৰণ ঘূৰি অহাত সন্তুষ্টি প্ৰকাশ কৰে । 

সাহিত্য অকাডেমীৰ উপ-সভাপতি তথা অধ্যাপক ড° কুমুদ শৰ্মাই নিজ ভাষণ প্ৰসংগত ভাষা ,সাহিত্য, সংস্কৃতিৰ দ্বাৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সুসম্পৰ্ক গঢ়ি উঠে বুলি মন্তব্য কৰিছে। সাহিত্য উৎসৱৰ জৰিয়তে বড়োসকলে নিজৰ ভাষা সংস্কৃতিৰ গৰিমা বৃদ্ধি কৰাৰ বাবে লোৱা পদক্ষেপ অতিশয় প্ৰশংসনীয় বুলি উল্লেখ কৰি বড়ো সাহিত্য সভাৰ জন্ম বৃত্তান্তৰ লগতে প্ৰতীকী চিহ্নৰ ওপৰতো সুন্দৰ ব্যাখ্যা আগবঢ়ায় সাহিত্য অকাডেমীৰ উপ-সভাপতি তথা অধ্যাপক ড° কুমুদ শৰ্মাই। 

উল্লেখ্য যে আজিৰ অনুষ্ঠানত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই সাহিত্য-সংস্কৃতিৰ ওপৰত তত্বগধুৰ ভাষণ আগবঢ়ায় ৷ অনুষ্ঠানটোত আদৰণি ভাষণ পাঠ কৰে বিটিচিৰ শিক্ষা বিভাগৰ সচিব অমৰজ্যোতি বৰ্মনে ৷ প্ৰণিধানযোগ্য যে কোকৰাঝাৰ সাহিত্য উৎসৱৰ তিনিখন ৰভা ক্ৰমে বডোফা সাংস্কৃতিক প্ৰকল্পৰ মুল প্ৰেক্ষাগৃহ , মুকলি মঞ্চ আৰু প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সৰ্বমুঠ ৫৫খন অধিৱেশন অনুষ্ঠিত হ'ব। ডেনমাৰ্ক ,ইটালী, ইষ্টোনিয়া, শ্ৰীলংকা ,দক্ষিণ কোৰিয়া, জাপান ,ভূটান, নেপালৰ পৰা ৭ গৰাকীকে ধৰি দেশৰ শতাধিক কবি-সাহিত্যিকে উৎসৱত অংশগ্ৰহণ কৰিছে ।

সাহিত্য উৎসৱ