/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8fd12f35-51da-4e66-b677-5075b974a036/BOOK_FAIR_13.jpg)
MANGALDOI BOOK FAIR 2022
ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত 'মঙলদৈ গ্ৰন্থমেলা-২০২২' ৰ বৃহস্পতিবাৰে চতুৰ্থ দিনৰ প্ৰথম কাৰ্যসূচী স্ব-ৰচিত কবিতা পাঠ প্ৰতিযোগিতাত প্ৰিয়াংশ্ৰী শিৱম আৰু জয়শ্ৰী বৰুৱাই শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। প্ৰতিযোগিতাখন উদ্বোধন কৰি দেওমৰণৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ অক্ষয় কুমাৰ নাথে কয় যে, কণ কণ ল'ৰা-ছোৱালীবোৰে এতিয়াৰ পৰাই সাহিত্যৰ পথাৰত খোজ দিব লাগে।
তেওঁ কয়, শিক্ষাৰ্থীসকলে জ্যেষ্ঠ লোকে সভাত কোৱা কথাবোৰ গুৰুত্বসহকাৰে শুনি তাক অনুধাৱন কৰিব লাগে। প্ৰফুল্ল কুমাৰ দেৱ শৰ্মা আৰু বেউলা কলিতা বিচাৰক হিচাপে থকা এই প্ৰতিযোগিতাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰাথমিক শাখাত ভেবাৰঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়াংশ্ৰী শিৱমে প্ৰথম, মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী দিক্ষীতা ডেকাই দ্বিতীয়, লেঙেৰীয়াঝ কৃষক হাইস্কুলৰ ছাত্ৰী দৰদী শইকীয়াই তৃতীয় স্থান লাভ কৰাৰ লগতে মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জুবলী য়াচমিনে উদগনি মূলক বঁটা লাভ কৰে।
আনহাতে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ উচ্চ শাখাত লেঙেৰীয়াঝ কৃষক হাইস্কুলৰ ছাত্ৰী জয়শ্ৰী বৰুৱাই প্ৰথম, শংকৰদেৱ শিশু নিকেতন, মঙলদৈৰ ছাত্ৰী কৃতাঞ্জলী ডেকাই দ্বিতীয় আৰু মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ৰুকচানা বেগমে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাত মুঠ ২৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। স্থান লাভকৰা সকলক অহা ১৫ অক্টোবৰ শনিবাৰে গ্ৰন্থমেলাৰ বাকৰিত পুৰষ্কাৰসমূহ প্ৰদান কৰা হ'ব।