/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0c697197-5210-43a1-8b7d-b338c9bc8a7a/BOOK_13.jpg)
BOOK FAIR
ডিজিটেল সংবাদ মঙলদৈঃ 'দৰঙী সংস্কৃতি অপূৰ্ব আৰু দেশজুৰি বিখ্যাত । বিশেষকৈ ওজাপালি , ধেপাধুলীয়া , নাম , নাঙেলী গীত, মহৌ খুন্দা আদি অন্যতম । এইবোৰ নতুন প্ৰজন্মই অধ্যয়ন আৰু সংৰক্ষণ কৰিব লাগে।'- মঙলদৈ গ্ৰন্থমেলা-২০২২ ৰ বাকৰিত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এইদৰে কয় বিশিষ্টা যুৱ লেখিকা তথা নিয়মীয়া বাৰ্তাৰ উপ-সম্পাদক ড০ গীতালী শইকীয়াই ।
বৃহস্পতিবাৰে বিয়লি মঙলদৈ গ্ৰন্থমেলাত অনুস্থিত সাহিত্য,সংস্কৃতি, স্ব-দেশ আৰু যুৱ সমাজ শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি গীতালী শইকীয়াই কয় যে, বিশেষকৈ দৰঙৰ শিল্পী বিপিন ডেকাৰ ঢেপাধুলীয়া , কিনাৰাম নাথৰ ওজাপালি সংৰক্ষণ কৰিব লাগে । কাৰণ তেওঁলোকৰ অবৰ্তমানত এইবোৰ সংস্কৃতি হেৰাই যাব।এইক্ষেত্ৰত নতুন প্ৰজন্মই গুৰুত্ব দিব লাগে ।এই বোৰ সংৰক্ষণ নকৰিলে অসমীয়া সংস্কৃতিৰ প্ৰকৃত তথ্যবোৰ হেৰাই যাব বুলি মোৰ ধাৰনা ।
যুব লেখিকাগৰাকীয়ে কয় যে, যি জাতিৰ ভাষা কৃষ্টি জীয়াই নাথাকে সেই জাতি বেচিদিন জীয়াই নাথাকে । সেই জাতি কালৰ বুকুত হেৰাই যাব । তেও সাহিত্য আৰু শব্দৰ ওপৰত বক্তব্য আগবঢ়াই কয় যে, শব্দই যেনেকৈ আমাক আঘাট দিব পাৰে , তেনেকৈ শব্দই সমাজ পৰিবৰ্তন কৰিব পাৰে। তাৰোপৰি শব্দই মনলৈ শান্তি দিয়ে । সেয়েহে শব্দৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিব লাগিব ।
তেও কয় নতুন প্ৰজন্মৰ ওপৰত সমাজৰ যথেষ্ট আশা আছে । সেই আশা আমি সাহিত্য সংস্কৃতিৰ জৰিয়তে পূৰণ কৰিব লাগিব । ছিপাঝাৰৰ মহাবিদ্যালয়ৰ উপাধক্ষ তথা বিশিষ্ট সাহিত্যিক ড০ ৰাম চন্দ্ৰ ডেকাৰ সঞ্চালনাত অনুস্থিত আলোচনা চক্ৰত বিশিষ্ট অৰণ্য লিখক ঘনশ্যাম ৰাজবংশীয়ে সাহিত্য, সংস্কৃতিৰ ওপৰত বক্তব্য আগবঢ়াই অৰণ্য সাহিত্যৰ ওপৰত বক্তব্য আগবঢ়াই । কাজিৰঙা , ওৰাং আৰু মানাহৰ অৰণ্যৰ ভিতৰৰ বহু অকথিত কাহিনীকৈ সকলোকে মন্ত্ৰ মুগ্ধ কৰি তোলে ।
সাংবাদিক মুকুট ৰাজ শৰ্মা আৰু প্ৰবীন বৰুৱাই আঁত ধৰা সভাখনত দৰং জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া , বিশিষ্ট অভিনেতা স্বপন ঘোষ , সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা , আছুৰ বিত্তীয় সম্পাদক খনিন্দ ৰাজবংশীয়ে বক্তব্য আগবঢ়াই । শুকুৰবাৰে পুৱা ১০ বজাত ছাত্র-ছাত্ৰীৰ মাজত কেৰিয়াৰ পৰামৰ্শ অনুস্থান আৰু কুইজ প্ৰতিযোগিতাৰে দিনটোৰ কাৰ্য্যসূচী আৰম্ভ হ'ব বুলি সম্পাদক লক্ষীনন্দন কলিতাই জনাইছে ।