Advertisment

দুমুখী জালজুৰিত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ ৪৯ সংখ্যক অধিৱেশন..

সামৰণিৰ দিনা পুৱাৰ ভাগত বড়ো সাহিত্য সভা আৰু দুলাৰায় বড়ো হাৰিমু আফাদৰ পৃথকে পৃথকে পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক অৰবিন্দ উজীৰ আৰু জিলা দুলাৰায় বড়ো হাৰিমু আফাদৰ সভাপতি নকুল চন্দ্ৰ ব্ৰহ্মই ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ দুমুখী জালজুৰিত ২৮ আৰু ২৯ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ ৪৯ সংখ্যক আৰু জিলা দুলাৰায় বড়ো হাৰিমু আফাদৰ ২২ সংখ্যক অধিৱেশনৰ দেওবাৰে সামৰণি পৰে । 

Advertisment

সামৰণিৰ দিনা পুৱাৰ ভাগত বড়ো সাহিত্য সভা আৰু দুলাৰায় বড়ো হাৰিমু আফাদৰ পৃথকে পৃথকে পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক অৰবিন্দ উজীৰ আৰু জিলা দুলাৰায় বড়ো হাৰিমু আফাদৰ সভাপতি নকুল চন্দ্ৰ ব্ৰহ্মই ।

শ্বহীদ বেদীত পুষ্পাঞ্জলী অৰ্পণ কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি গোবিন বসুমতাৰীয়ে । ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে বড়ো সাহিত্য সভাৰ সভাপতি উৰবিন্দ উজীৰে ।

উক্ত সভাত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক সকলৰ ভিতৰত ক্ৰমে ৰিতুৰাজ বসুমতাৰী, ড০ প্ৰেমানন্দ মুছাহাৰী আৰু ৰত্নেশ্বৰ নাৰ্জাৰীৰ লগতে বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰী আৰু কাৰ্বি আংলং জিলা অগ্ৰণী বড়ো সংগঠনৰ বিষয় ববীয়াসকল উপস্থিত থাকে । 


এই সভাতে কবি সাহিত্যিক থানেশ্বৰ গয়াৰীক 'থাউজেন্দ্ৰ বসুমতাৰী স্মৃতি সাহিত্য বঁটা' আৰু দুগৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে জাৰিমিন বসুমতাৰী আৰু প্ৰীতি দৈমাৰীকো বঁটা আৰু সম্বৰ্ধনা জনোৱা হয় । আনহাতে এই অনুষ্ঠানতে দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ।  স্বপ্না বাগলাৰীৰ 'সম'(সময়) আৰু শিৱপ্ৰসাদ খাখলাৰীৰ স্বৰচিতএকাংকিকা নাট 'গৌদান ফোলেৰ(নৱ প্ৰজন্ম) উন্মোচন কৰা হয় । 

কাৰ্বি আংলং হাওৰাঘাট