/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c3a05a13-988b-4343-8f32-cac42e45a7b6/dengue_09.jpg)
ডেংগু
ডিজিটেল ডেস্কঃ ৰাজ্যত অতি দ্ৰুত হাৰত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্যা। বিশেষকৈ কাৰ্বি আংলঙৰ ডিফুত ডেংগুৱে ভয়াবহ সংক্ৰমণ অব্যাহত থকাৰ মাজতে সমগ্ৰ ৰাজ্যৰ প্ৰায় ১৪ খন জিলাত ইয়াৰ প্ৰভাৱ পৰিছে।
কাৰ্বি আংলঙৰ ডিফু চহৰত বিগত ২৪ ঘণ্টাত ডেংগুত নতুনকৈ আক্ৰান্ত হৈছে ৬০ গৰাকী লোক। ফলত সমগ্ৰ ডিফুত ডেংগুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৪৮৫ গৰাকীলৈ।
চহৰখনত দেখা দিয়া ডেংগুৰ এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিফু চহৰত ৰেডক্ৰছ ছ'চাইটি আৰু ডিফু বজাৰ সমিতিয়ে ফগিং আৰু ছেনিটাইজেশ্যন আৰম্ভ কৰিছে। ঘৰে ঘৰে অব্যাহত ৰাখিছে ডেংগুৰ পৰীক্ষা।
আনহাতে কামৰূপ মহানগৰ জিলাত এই পৰ্যন্ত ১১ জন, কৰিমগঞ্জ, নলবাৰী, শিৱসাগৰ, ডিমা হাচাও জিলাত ২ জনকৈ, দৰং, ডিব্ৰুগড়, কামৰূপ, নগাওঁ, হোজাই, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি জিলাত এজনকৈ লোক ডেংগুত আৰক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছে। ইফালে এই পৰ্যন্ত ডেংগুত ৩ জন লোকৰ প্ৰাণ নাশ হৈছে।