পাৰ্থ হাজৰিকাৰ ঘৰৰ পৰা উদ্ধাৰ ৪৭ লাখৰো অধিক টকা

পাৰ্থ হাজৰিকাৰ ঘৰৰ পৰা উদ্ধাৰ ৪৭ লাখৰো অধিক টকা

author-image
Asomiya Pratidin
New Update
পাৰ্থ হাজৰিকাৰ ঘৰৰ পৰা উদ্ধাৰ ৪৭ লাখৰো অধিক টকা

ডিজিটেল সংবাদ,গুৱাহাটীঃ জনতা ভৱনত ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা পাৰ্থ হাজৰিকাৰ জৱাহৰ নগৰৰ হাউচফেড কমপ্লেক্সৰ ডি ব্লকৰ ১০৩ নং ফ্লেটত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। পাৰ্থ হাজৰিকাক লগত লৈ অভিযানকাৰী দলটোৱে চলোৱা অভিযানৰ সময়ত তেওঁৰ ফ্লেটৰ পৰা নগদ ৪৭,৩০,৫০০ টকা জব্দ কৰে।

Advertisment

জনতা ভৱনৰ কৰ্মচাৰী হাজৰিকৰ ঘৰত লাখে-লাখে টকা উদ্ধাৰ হোৱা লৈ সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে, বুধবাৰে দিছপুৰ জনতা ভৱনৰ মূল গেটৰ সমীপত ২৪,৫০০ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে আটক কৰিছিল পাৰ্থ হাজৰিকাক। আবকাৰী বিভাগৰ শাখা অফিচাৰ আছিল পাৰ্থ হাজৰিকা ।

Also Read: ২১ যোৰা আকাশবন্তি প্ৰজ্বলনেৰে আউনীআটী সত্ৰত পালন কৰিব কাতি বিহু...

partha hazarika Janata Bhawan