/asomiyapratidin/media/media_files/2024/12/05/lFWg34GmIJwwNLehq2mE.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় ৰে’লৱেই প্ৰতি বছৰে সকলো শ্ৰেণীৰ যাত্ৰীক মুঠ ৫৬,৯৯৩ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰে। যাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰতিটো টিকটৰ বিপৰীতে ৪৬ শতাংশ ৰেহাই দিয়া হয়। এই কথা সদনত সদৰী কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
বিভিন্ন শ্ৰেণীৰ ৰে’ল যাত্ৰীক দিয়া ৰেহাই পুনৰুদ্ধাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কেতবোৰ কথা জানিবলৈ দিয়ে। তেওঁ কয় যে যদি টিকটৰ মূল্য ১০০ টকা হয়, তেন্তে ৰে’লৱে ইয়াৰ বাবে মাত্ৰ ৫৪ টকাহে লয়। অৰ্থাৎ ৪৬ শতাংশ মূল্য ৰেহাই দিয়া হয়।
আনহাতে ৰেপিড ৰে’ল সেৱা সন্দৰ্ভত তেওঁ কয় যে ভূজ আৰু আহমেদাবাদৰ মাজত ৰে’লৱেই ইতিমধ্যে এনে সেৱা — নমো ভাৰত ৰেপিড ৰে’ল আৰম্ভ কৰিছে। এই ৰেপিড ৰে’লে ভূজ আৰু আহমেদাবাদৰ মাজৰ ৩৫৯ কিলোমিটাৰ দূৰত্ব ৫ ঘণ্টা ৪৫ মিনিটত অতিক্ৰম কৰি আন্তঃনগৰ সংযোগৰ উন্নতি সাধন কৰিছে। এই ৰে’লপথৰ মাজত কেইবাটাও ষ্টেচনত থকা বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।