৭ জানুৱাৰীৰ পৰা অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন..

৭ জানুৱাৰীৰ পৰা অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন..

author-image
Asomiya Pratidin
New Update
৭ জানুৱাৰীৰ পৰা অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন..

৭ জানুৱাৰীৰ পৰা অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন..

ডিজিটেল ডেস্কঃ অসমত মাতৃভাষা মাধ্যমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণ, প্ৰাদেশিকীকৰণ, সুস্থিৰতা আৰু গতিশিলতাৰ বাবে ১৯৬৯ চনৰ ২৪ জুলাইত জন্ম লোৱা অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখন অহা ৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। ছহিদ কুশল কোঁৱৰৰ জন্মভূমি সৰুপথাৰৰ নাতি দূৰত বৰপথাৰ চহৰস্থিত বৰপথাৰ উচ্চতৰ মাধ্যমিত বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব সংস্থাৰ এই অধিৱেশন।

Advertisment

অসং হাইস্কুল শিক্ষক সংস্থাৰ অধীনস্থ ধনশিৰি জিলা শাখাৰ উদ্যোগত, বোকাখাত জিলা শাখা আৰু গোলাঘাট জিলা শাখাৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। ইয়াৰে প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব পুৱা ১১ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ জৰিয়তে। ইয়াৰোপৰি প্ৰথম দিনটোৰ কাৰ্যসূচীত আছে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, প্ৰতিনিধিৰ সভাৰ বৈঠক আদি।

৮ জানুৱাৰীতৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ ভিতৰত আছে সংস্থাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু মুকলি সভা। মুকলি সভাতেই উন্মোচন কৰা হ'ব সংস্থাৰ মুখপত্ৰ আৰু স্মৃতিগ্ৰন্থ। সন্ধিয়ালৈ আছে সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰতিনিধি সভাৰ দ্বিতীয়খন অধিৱেশন।

৯ জানুৱাৰীৰ পুৱা ৯-৩০ বজাত আছে প্ৰতিনিধি সভাৰ তৃতীয়খন বৈঠক আৰু বিষয়বাচনি সভা। ইয়াৰ পিছত আছে ন-পুৰণি যুটীয়া বৈঠক আৰু আবেলিলৈ আছে পতাকা অৱনমন। ৩ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সংস্থাৰ এই অধিৱেশনৰ মুকলি সভাকে ধৰি অন্যান্য অনুস্থানত সকলোৰে সহায়, সহযোগিতা আশা কৰিছে।

ক্লিক কৰি পঢ়কঃ জিমনাষ্ট দীপা কৰ্মকাৰক ২ বছৰৰ বাবে নিষেধাজ্ঞা ৱৰ্ল্ড জিমানাষ্টিক ফেডাৰেচনৰ...

অসম হাইস্কুল শিক্ষক