শিলচৰত কুৰিয়াৰ ছাৰ্ভিছৰ গুডামৰ পৰা ৪০০ বটল ফেঞ্চিডাইল কফ ছিৰাপ জব্দ

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত শিলচৰ কাঠাল ৰোডৰ এটি গোডামত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিছে   চাৰিশ (৪০০) বটল  ফেঞ্চিডাইল কফ ছিৰাপ।

author-image
Asomiya Pratidin
New Update
AP FOR WEB 2467

ডিজিটেল সংবাদ, শিলচৰ : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত শিলচৰ কাঠাল ৰোডৰ এটি গোডামত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিছে   চাৰিশ (৪০০) বটল  ফেঞ্চিডাইল কফ ছিৰাপ।  

Advertisment

কুৰিয়াৰ ছাৰ্ভিছৰ সামগ্ৰী কঢ়িওয়া এটা পাৰ্চেলত এই নিচাজাতীয় কফ ছিৰাপ সৰবৰাহৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। এই খবৰৰ ভিত্তিত ৰাংগিৰখাৰী আৰু শিলচৰ সদৰ থানাৰ টাউন ব্ৰাঞ্চৰ আৰক্ষীয়ে যুটীয়া অভিযান চলায় কুৰিয়াৰ ছাৰ্ভিছৰ গুডামটোত ।

গুডামটোৰ পৰা কফ ছিৰাপ জব্দ কৰা হ'লেও এতিয়ালৈকে কোনো ব্যক্তিক আটক কৰা হোৱা নাই। কোনে, ক'ৰ পৰা এই কফ ছিৰাপসমূহ গোডামটো লৈ আনিছিল তাৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

শিলচৰ