/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
dangor khabar
ডিজিটেল ডেস্কঃ মহানগৰীৰ ৰাজপথত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰিলেও যে ড্ৰাগছ ব্যৱহাৰকাৰীৰ সংখ্যা কোনো গুণে হ্ৰাস পোৱা নাই সেই কথাক প্ৰমাণ কৰি এডল যুৱক-যুৱতীয়ে মহানগৰীৰ ৰাজপথত মুকলিকৈ গ্ৰহণ কৰিলে ড্ৰাগছ।
কালী পূজাৰ নিশা মহানগৰীত বৰষুণৰ মাজতে এখন দোকানৰ বাহিৰত আশ্ৰয় গ্ৰহণ কৰা এডল যুক-যুৱতীয়ে এই কাণ্ড সংঘটিত কৰিছে। এই সমগ্ৰ দৃশ্য বন্দী হৈছে চি চি কেমেৰাত।
উল্লেখ্য যে, মহানগৰীৰ শেৱালী পথৰ এখন দোকানত কালী পূজাৰ নিশা বৰষুণৰ পৰা ৰক্ষা পাবলৈ কেইজনমান যুৱকৰ সৈতে এগৰাকী যুৱতীয়ে এখন দোকানৰ বাৰাণ্ডাত আশ্ৰয় গ্ৰহণ কৰে। তাৰ মাজতে চাৰি যুৱকৰ দলটোৰ লগত থক যুৱতীগৰাকীক ইঞ্জেকচনৰ জৰিয়তে ড্ৰাগছ দিয়াৰ দৃশ্য বন্দী হ'ল দোকানৰ চি চি কেমেৰাত।
মহানগৰীৰ ৰাজপথত এইদৰে মুকলিকৈ ড্ৰাগছ গ্ৰহণ কৰাৰ এই দৃশ্য পোহৰলৈ অহাৰ লগে লগে এতিয়া অসম আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানক লৈ চৰ্চা চলিছে। ড্ৰাগছৰ বিৰুদ্ধে অভিযান যিমানেই তীব্ৰ হৈছে সিমানেই প্ৰতিদিনে ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। তাৰ মাজতো এইদৰে মহানগৰীৰ মাজমজিয়াত গ্ৰাগছৰ মুক্ত প্ৰচলনে এক ভয়াৱহ ভৱিষ্যতৰ যে ইংগিত দিছে সেই কথা স্পষ্ট।