নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৪ জনকৈ সন্ত্ৰাসবাদী…

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৪ জনকৈ সন্ত্ৰাসবাদী…

author-image
asomiyapratidin
New Update
জম্মু-কাশ্মীৰৰ এনকাউন্টাৰত মৃত্যু সন্ত্ৰাসবাদীৰ…

 ডিজিটেল ডেস্ক: পুনৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ জম্মু-কাশ্মীৰত। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ছাপিয়ান জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে ৪জনকৈ সন্ত্ৰাসবাদীয়ে।

এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে। সেই সূত্ৰৰ ভিত্তিয়েই সন্ত্ৰাসবাদী লুকাই থকা স্থান ঘেৰাও কৰিছিল নিৰাপত্তাৰক্ষীয়ে। তাৰ পাছতেই দুয়োটা পক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয়।

উল্লেখ্য যে, বিগত কেইটামান দিনৰ পৰা দক্ষিণ কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ বাতৰি পোহৰলৈ আহিছে। সন্ত্ৰাসবাদী সুৰক্ষা বাহিনীৰ উপৰিও উপত্যকাটোত সাধাৰণ লোকসকলকো লক্ষ্য কৰি লোৱা হৈছে।

আৰু পঢ়ক: বিহুৰ আনন্দৰ মাজতই কোকৰাঝাৰত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ৪জনৰ…

terrorist Jammu Kashmir