ৰাষ্ট্ৰীয় পৰ্যায়ৰ‌ প্ৰতিযোগিতাত ভাগ লৈ গৌৰৱ কঢ়িয়াই আনিলে কাছাৰৰ ৪খেলুৱৈয়ে

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলালে অসমৰ চাৰিগৰাকী খেলুৱৈয়ে । এইবাৰ কাছাৰ জিলাৰ চাৰিগৰাকী খেলুৱৈয়ে হিমাচল প্ৰদেশৰ ধৰমশালাত চলি থকা নেচনেল মাষ্টাৰ গেমছ ২০২৫ প্ৰতিযোগিতাত

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় পৰ্যায়ৰ‌ প্ৰতিযোগিতাত ভাগ লৈ গৌৰৱ কঢ়িয়াই আনিলে কাছাৰৰ ৪খেলুৱৈয়ে

ডিজিটেল সংবাদ, শিলচৰ : পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলালে অসমৰ চাৰিগৰাকী খেলুৱৈয়ে । এইবাৰ কাছাৰ জিলাৰ চাৰিগৰাকী খেলুৱৈয়ে হিমাচল প্ৰদেশৰ ধৰমশালাত চলি থকা নেচনেল মাষ্টাৰ গেমছ ২০২৫ প্ৰতিযোগিতাত অংশ লৈ ৰূপ আৰু ব্ৰঞ্জৰ ৮ টাকৈ পদক লাভ কৰি কাছাৰ তথা অসমলৈ গৌৰৱ কঢ়িয়ালৈ সক্ষম হৈছে ।  

২০ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই খেলত অংশগ্ৰহণ কৰিছিল কাছাৰ জিলাৰ ৫০ বছৰীয়া ৰেখাৰানী চুটিয়া বৰুৱা, ৬৫ বছৰীয়া সুনীল সিনহা, মহৰম আলী মজুমদাৰ আৰু ৪৫ বছৰীয়া চিলু নাথে। ৰেখা ৰানী চুটিয়া বৰুৱাই ১০০ মিটাৰ দৌৰত এটা ৰূপৰ আৰু মহিলাৰ ৪০০ মিটাৰ আৰু মিক্স ৰেলি ৰেছ দৌৰ প্ৰতিযোগিতাত ক্ৰমে এটাকৈ ৰূপ আৰু ব্ৰঞ্জসহহ মুঠ তিনিটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। 

আনহাতে, ৬৫ বছৰীয়া সুনীল সিনহাই ১০ হাজাৰ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশ লৈ এটা ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে ৬৫ বছৰীয়া মহৰম আলী মজুমদাৰে লং জাম্পত এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। একেদৰে চিলু নাথে ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশ লৈ দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰে।  

তিনিটাকৈ পদক লাভ কৰি উৎফুল্লিত হোৱা ৰেখা ৰাণী বৰুৱাই এনে ধৰণৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ‌ লৈ অসমৰ নাম উজ্বল কৰিবলৈ নৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়।

উত্তৰ কাছাৰ