গুজৰাটত গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত সংগঠনৰ ৪ সদস্য

বুধবাৰে গুজৰাট এণ্টি টেৰৰিজিম স্কোৱাদ চমুকৈ এ টি এছে গ্ৰেপ্তাৰ কৰিছে নিষিদ্ধ ঘোষিত সংগঠৰ চাৰিগৰাকী সদস্যক। নিৰাপত্তা সংস্থাটোৱে জনাই যে, গ্ৰেপ্তাৰ কৰা আটাইকেইগৰাকী ব্যক্তি

author-image
Asomiya Pratidin
New Update
al

ডিজিটেল ডেস্ক : বুধবাৰে গুজৰাট এণ্টি টেৰৰিজিম স্কোৱাদ চমুকৈ এ টি এছে গ্ৰেপ্তাৰ কৰিছে নিষিদ্ধ ঘোষিত সংগঠৰ চাৰিগৰাকী সদস্যক। নিৰাপত্তা সংস্থাটোৱে জনাই যে, গ্ৰেপ্তাৰ কৰা আটাইকেইগৰাকী ব্যক্তি অল কায়দা সংগঠনেৰে সম্পৰ্কিত লোক। তেওঁলোক হৈছে- দিল্লীৰ মহম্মদ ফৈক, আহমেদাবাদৰ মহম্মদ ফাৰ্দিন, আৰাৱলীৰ চেফুল্লা কুৰেশ্বী আৰু নয়দাৰ জীছান আলী। 

উল্লেখযোগ্য যে, এই চাৰিওজন লোকৰ চাল- চলন আৰু আচৰণৰ প্ৰতি এ টি এছৰ সন্দেহ উপজি তেওঁলোকৰ বিৰুদ্ধে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে আটাইকেইগৰাকী সদস্যক সংস্থাটোৰ শীৰ্ষ নেতৃত্বই জেৰা চলাই আছে। 

আনহাতে জেৰা অন্তত পোহৰলৈ আহিছে ন ন তথ্য। এ টি এছৰ ডি আই জি সুনীল যোশীৰ ভাষ্য অনুসৰি তেওঁলোকে সামাজিক মাধ্যমত সন্দেহজনক এপ ব্যৱহাৰ কৰি অল কায়দাৰ মতাদৰ্শ প্ৰচাৰ কাৰ্যত জড়িত। তাৰোপৰি তেওঁলোকে এটা বিশেষ এপ ব্যৱহাৰ কৰিছিল যিটো এপৰ দ্বাৰা সকলো তথ্য নিমিষতে মচি পেলাব পৰা ব্যৱস্থা আছে।

কেৱল ইমানেই নহয়, তেওঁলোকে সংগঠনৰ বিভিন্ন কাম- কাজ তথা সাধাৰণ লোকক সহজে প্ৰলোভিত কৰিব পৰা কেতবোৰ পৰিকল্পনাও কৰিছিল। 

gujrat