/asomiyapratidin/media/media_files/2024/12/05/GSpU7mpvODpvNaaz0K3R.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অশান্তজৰ্জৰ মণিপুৰত সন্ত্ৰাসবাদী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদী সংগঠনৰ ৪জন সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন স্থানৰ পৰা বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰী জব্দ কৰিছে।
কাকচিং জিলাৰ লামখাই এলেকাত অভিযান চলাই আৰক্ষীয়ে ৪জন কেচিপি সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত লোক কেইজন হৈছে - সন্ধম প্ৰেমকুমাৰ সিং, চাইখোম ছিদান সিং, নংমাইথেম হৰিদাশ সিং আৰু খুন্দোগবাম টম্বা সিং। ধন দাবী আৰু অবৈধ অস্ত্ৰ ৰখাৰ লগত জড়িত আছিল তেওঁলোক।
জানিব পৰা মতে সদস্য কেইজনৰ পৰা মেগজিনৰ সৈতে ১টা এম টুৱেন্টি পিষ্টল, ৩টা সজীৱ গুলি, ৫ টা মোবাইল ফোন আৰু এখন চাৰিচকীয়া বাহনসহ কিছুমান ধনদাবী পত্ৰ জব্দ কৰে। ইফালে, থৌবাল জিলাৰ ফুংগেই চিং এলেকাৰ পৰা মেগাজিনসহ ১টা এছ এল আৰ, মেগাজিনসহ ১টা এছ এম জি কাৰ্বাইন, ১টা ১২ টা ব'ৰ ডাবল বেৰেল গান, ১টা নাইন এম এম ৯ পিষ্টল, ১টা পইন্ট থ্ৰি টু এম এম পিষ্টল, ৬টা গ্ৰেনেড, ২টা ডিটনেটৰ, ২টা টিউব লঞ্চিঙ আৰু ৩৯টা সজীৱ গুলি জব্দ কৰিছে আৰক্ষীয়ে।
আনহাতে, চুৰাচান্দপুৰ জিলাৰ ফৈখোথাং গাঁৱত অভিযান চলাই আৰক্ষীয়ে মেগজিনসহ ১টা এছ এল আৰ ৰাইফল, ১টা নাইন এম এম পিষ্টল, ১টা ১২ ব'ৰ চিংগল বেৰেল গান, ১৫ টা সজীৱ গুলীসহ বহুতো বিষ্ফোৰক সামগ্ৰী জব্দ কৰে।