/asomiyapratidin/media/media_files/2025/08/06/1-2025-08-06-12-17-33.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে আমেৰিকাৰ অন্তৰ্গত চিনলে পৌৰ বিমানবন্দৰৰ ওচৰত এখন সৰু, ডুৱেল এয়াৰ এম্বুলেন্স ( বিচক্ৰাফ্ট ৩০০) দুৰ্ঘটনাগ্ৰস্ত হয়। এৰিজোনাৰ এই দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হয়। মৃত লোক কেইজন চিকিৎসা কৰ্মী বুলি জানিব পৰা গৈছে।
নাভাজো আৰক্ষী বিভাগৰ তথ্য অনুসৰি, এয়াৰ এম্বুলেন্সখনে ৪ গৰাকী চিকিৎসা কৰ্মী কঢ়িয়াই আনিছিল। দুৰ্ঘটনাৰ কাৰণ বৰ্তমানেও জানিব পৰা নাই। নেশ্যনেল ট্ৰেন্সপ’ৰ্টেশন ছেফটি ব’ৰ্ড আৰু ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, বিমানখনে বিমানবন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। বৰ্তমান তদন্তৰ খাতিৰত কৰ্তৃপক্ষই বিমানবন্দৰলৈ ৰাজহুৱা প্ৰৱেশ বন্ধ কৰি দিছে।
এই পৰ্যন্ত ভুক্তভোগীসকলক চিনাক্ত কৰা হোৱা নাই। প্ৰাপ্ত তথ্য অনুসৰি, তেওঁলোকৰ কোনোৱেই এৰিজোনাৰ স্থানীয় লোক নাছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us