দেশৰ ৪টা মূল উদ্যোগখণ্ডই দেখুৱাইছে আশাপ্ৰদ সঁহাৰি

নৱবৰ্ষৰ পহিলা দিনটোতে দেশৰ উদ্যোগখণ্ডৰ বাবে ভাল খবৰ। দেশৰ মূল উদ্যোগখণ্ডৰ ৪টা উদ্যোগে দেখুৱাইছে আশাপ্ৰদ সঁহাৰি। চিমেণ্ট, সাৰ, কয়লা আৰু বিদ্যুৎ খণ্ডই অৱ্যাহত ৰাখিছে সাফল্যৰ ধাৰাবাহিকতা।    

author-image
Asomiya Pratidin
New Update
উদ্যোগ

উদ্যোগ

ডিজিটেল ডেস্ক : নৱবৰ্ষৰ পহিলা দিনটোতে দেশৰ উদ্যোগখণ্ডৰ বাবে ভাল খবৰ। দেশৰ মূল উদ্যোগখণ্ডৰ ৪টা উদ্যোগে দেখুৱাইছে আশাপ্ৰদ সঁহাৰি। চিমেণ্ট, সাৰ, কয়লা আৰু বিদ্যুৎ খণ্ডই অৱ্যাহত ৰাখিছে সাফল্যৰ ধাৰাবাহিকতা।    

Advertisment

এই সন্দৰ্ভত চলোৱা এক সমীক্ষাৰ অন্তত প্ৰস্তুত কৰা প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। ভাৰতৰ মূল খণ্ডৰ লাভ বৃদ্ধিয়ে অক্টোবৰ মাহত ৩.৭ শতাংশ স্পৰ্শ কৰিছিল। একেদৰে এই হাৰ নৱেম্বৰলৈকে সৰ্বোচ্চ ৪.৩ শতাংশলৈ উন্নীত হয়। 

উল্লেখযোগ্য যে ২০২৪ৰ ৩১ ডিচেম্বৰত প্ৰকাশিত চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে যে এই বৃদ্ধিৰ ফলত দেশৰ ৮টা খণ্ডৰ ভিতৰত উল্লেখিত চাৰিটা খণ্ডই পূৰ্বৰ তুলনাত উন্নত প্ৰদৰ্শন ঘটাবলৈ সক্ষম হৈছে। নৱেম্বৰত চিমেণ্ট, সাৰ, কয়লা আৰু বিদ্যুৎ খণ্ডই উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বাকী কেইটাৰ তুলনাত কয়লাৰ বৃদ্ধিৰ হাৰ ৭.৩ শতাংশ। অৱশ্যে এইকেটা মূল খণ্ডৰ উপৰি দেশৰ খাৰুৱা তেল উদ্যোগে বৰ বিশেষ সফলতা লাভ কৰা নাই।

খাৰুৱা তেলৰ লাভ বৃদ্ধিৰ গতি এতিয়াও মন্থৰ হৈ আছে বুলি প্ৰতিবেদনত উল্লেখ কৰে। যাৰ বাবে আশাব্যঞ্জক সঁহাৰি লাভ কৰা নাই খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খণ্ডৰ পৰা।

Indian Economy economy central govt world economy