৪ জুলাইত 'দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা' প্ৰদান অনুষ্ঠান

সত্ৰীয়া সংস্কৃতিৰ সাধক, অসম সাহিত্য সভাৰ আজীৱন সভ্য, শিল্পী-সাহিত্যিক, সমাজসেৱক, বৈষ্ণৱ পণ্ডিত, মাজুলীপ্রাণ প্রয়াত দ্রোণ ভাগৱতীৰ সোঁৱৰণত পোনপ্ৰথমবাৰৰ বাবে প্ৰদান কৰিব 'দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা'।

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

৪ জুলাইত 'দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা' প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ, গুৱাহাটীঃ সত্ৰীয়া সংস্কৃতিৰ সাধক, অসম সাহিত্য সভাৰ আজীৱন সভ্য, শিল্পী-সাহিত্যিক, সমাজসেৱক, বৈষ্ণৱ পণ্ডিত, মাজুলীপ্রাণ প্রয়াত দ্রোণ ভাগৱতীৰ সোঁৱৰণত পোনপ্ৰথমবাৰৰ বাবে প্ৰদান কৰিব 'দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা'। বর্ষীয়ান শিল্পী নৃত্যাচার্য, পদ্মভূষণ শ্রীযতীন গোস্বামীলৈ আগবঢ়োৱা হ'ব এই বঁটা। ৪ জুলাইত দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ'ব বঁটাপ্ৰদান অনুষ্ঠান।

Advertisment

'দ্রোণ ভাগৱতী পাৰুল ভাগৱতী স্মৃতি ন্যাস'ৰ উদ্যোগত তথা শুভাকাংক্ষীৰ প্ৰেৰণাত অনুষ্ঠিত হ'বলগীয়া এই বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী । উল্লেখযোগ্য যে, দ্রোণ ভাগৱতী আৰু যতীন গোস্বামীৰ গভীৰ সান্নিধ্য লাভ কৰা দুগৰাকী বিশিষ্ট ব্যক্তিয়ে তেওঁলোকৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত বক্তব্য ৰাখিব। সভাত উপস্থিত থাকিব অসমৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন বিশিষ্ট ব্যক্তি। 

গুৱাহাটী প্ৰেছ ক্লাৱ