দিল্লীত অট্টালিকা খহি মৃত্যু হ'ল ৪ জনকৈ লোকৰ

ঘটনাৰ সময়ত অট্টালিকাটোত প্ৰায় ২৪ জন লোক উপস্থিত আছিল। ইয়াৰে ১৮ জন লোকক এতিয়ালৈকে স্থানান্তৰ কৰা হৈছে। আনহাতে ১০ জনতকৈ অধিক লোক এতিয়াও আবদ্ধ হৈ থকাৰ আশংকা কৰিছে।

author-image
Asomiya Pratidin
New Update
১

ডিজিটেল ডেস্কঃ  দিল্লীৰ মুস্তাফাবাদত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। শুকুৰবাৰে নিশা এটা অট্টালিকা ভাঙি পৰা ফলত ধ্বংসাৱশেষৰ তলত পুত খাই মৃত্যু হয় ৪ জনকৈ লোকৰ। ঘটনাস্থলীত এন ডি আৰ এফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উক্ত ঘটনাত ১৫ জনতকৈ অধিক লোক আহত হৈছে। বৰ্তমানেও বহু লোক ধ্বংসাৱশেষৰ তলত পুত খাই থকাৰ তথ্য পোৱা গৈছে। তেওঁলোকক উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ সময়ত অট্টালিকাটোত প্ৰায় ২৪ জন লোক উপস্থিত আছিল। ইয়াৰে ১৮ জন লোকক এতিয়ালৈকে স্থানান্তৰ কৰা হৈছে। আনহাতে ১০ জনতকৈ অধিক লোক এতিয়াও আবদ্ধ হৈ থকাৰ আশংকা কৰিছে।

উল্লেখ্য যে, শুকুৰবাৰে দিল্লীত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত হয়। ফলত চহৰখনৰ বহু অঞ্চল প্ৰভাৱিত হয়। নিশা সংঘটিত ঘটনাত এন ডি আৰ এফ আৰু আৰক্ষী জোৱান উদ্ধাৰ অভিযানত নিয়োজিত হোৱাৰ বিপৰীতে স্থানীয় লোকেও উদ্ধাৰ অভিযানত সহায় কৰিছে।

দিল্লী