/asomiyapratidin/media/media_files/2025/05/08/pAOl7nrMCjyNiEWGgF2L.jpg)
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ অন্তৰ্গত উত্তৰকাশী জিলাৰ গংগানানীৰ সমীপত বৃহস্পতিবাৰে এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। সেই সময়ছোৱাত হেলিকপ্টাৰখনত ৭ জন লোক আছিল। দুৰ্ঘটনাটোত ইতিমধ্যে ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৩ জন লোক আহত হোৱাৰ তথ্য পোৱা গৈছে।
উল্লেখ্য যে, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি গংগনানীৰ সন্মুখত নাগ মন্দিৰৰ তলৰ ভাগীৰথী নদীৰ সমীপত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। উক্ত স্থানলৈ আৰক্ষী, সেনা বাহিনী, দুৰ্যোগ ব্যৱস্থাপনা কিউআৰটি, টিম ১০৮ এম্বুলেন্স বাহন, তহচিলদাৰ ভটোৱাদীকে ধৰি ৰাজহ দল প্ৰেৰণ কৰা হৈছে।
ইফালে দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে প্ৰশাসনে সাহায্যৰ কাম আৰম্ভ কৰিছে। আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি দুৰ্ঘটনাটোৰ কাৰণৰ তদন্ত অব্যাহত আছে। নিৰাপত্তাৰ মানদণ্ড পুনৰীক্ষণৰ নিৰ্দেশ দিছে প্ৰশাসনে।