কাজিৰঙাত ‘বহুমাত্ৰিক নমনীয় পৰিশীলন’ শীৰ্ষক কৰ্মশালাৰ আয়োজন

কাজিৰঙা গল্ডেন চিল্ক ক’অপাৰেটিভ চ’চাইটিৰ উদ্যোগত বৃহত্তৰ কাজিৰঙা অঞ্চলৰ সমূহ শিক্ষানুষ্ঠানৰ সহযোগত অহা ইংৰাজীৰ ২৬ জুলাইৰ পৰা ২৯ জুলাই ২০২৫ লৈ এখনি চাৰিদিনীয়া ‘বহুমাত্ৰিক নমনীয় পৰিশীলন’ শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷

author-image
Asomiya Pratidin
New Update
kaziranga

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা গল্ডেন চিল্ক ক’অপাৰেটিভ চ’চাইটিৰ উদ্যোগত বৃহত্তৰ কাজিৰঙা অঞ্চলৰ সমূহ শিক্ষানুষ্ঠানৰ সহযোগত অহা ইংৰাজীৰ ২৬ জুলাইৰ পৰা ২৯ জুলাই ২০২৫ লৈ এখনি চাৰিদিনীয়া ‘বহুমাত্ৰিক নমনীয় পৰিশীলন’ শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷

Advertisment

ছাত্ৰ-ছাত্ৰীৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণৰ উদ্দেশ্য আগত ৰাখি এই বৰ্ষৰ কাৰ্যসূচীত মুখ্যতঃ ফটোগ্ৰাফী, বণ্যপ্ৰানী সংৰক্ষণ আৰু পক্ষী নিৰীক্ষণ, পৰিৱেশ্য কলা, পৰ্যটন আৰু অতিথি শুশ্ৰূষা, বৈদিক গণিত, বাঁহ শিল্প আৰু ফুল তোলাৰ প্ৰশিক্ষণক মুখ্য বিষয় হিচাপে লোৱা হৈছে ৷ লগতে মুকলি সত্ৰৰ বিষয় হিচাপে বাতৰি পৰিৱেশন আৰু ঘোষণা কলা, তৰ্ক -কলা , আৰু দক্ষতা শিক্ষাৰ গুৰুত্বক সামৰি লোৱা হৈছে ৷

এই অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ৷ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুভাষ চন্দ্ৰ দাস(অৱসৰপ্ৰাপ্ত আই.এ.এছ.), কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰ সঞ্চালক ড° সোণালী ঘোষ, যোগগুৰু ড° গৌতম চৌধুৰী, অসম চৰকাৰৰ শিক্ষামন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° পজুল লয়িং, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগমৰ উপ- সঞ্চালক ড° আলেখ্য বৰুৱা, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° স্বপ্না মেধি, প্ৰাধ্যাপক মহেশ উনীয়াল, সহকাৰী অধ্যাপক পৰিধি ব্ৰহ্ম, ববী বৰা,চি. এন. বি. মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বিদ্যুত বৰুৱা, অসম মহিলা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মহেশ্বতা দেৱী, বনাঞ্চলিক বিষয়া বিবিত দিহিঙীয়া, শিক্ষক ৰিপুঞ্জয় বৰদলৈ, বিশিষ্ট ফটোগ্ৰাফাৰ হিমাদ্ৰী ভূঞা, উদ্যোগী অভিজিত গগৈ, আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন পৰিৱেশকৰ্মী মনোজ গগৈ, অভিনেত্ৰী কল্পনা কলিতাই অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জনাইছে ৷ কাজিৰঙা অঞ্চলৰ সকলো শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই কৰ্মশালাত সকলোৰ সৰ্বতোপ্ৰকাৰৰ সহযোগ আয়োজক সমিতিয়ে কামনা কৰিছে৷

কাজিৰঙা