![পানী](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/02/2fhUE9COGv3qeORlXeGZ.jpg)
পানী Photograph: (পানী)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী ফচল যোজনাৰ অধীনত ২০২৪বৰ্ষত দেশৰ ৪কোটিৰো অধিক কৃষক লাভৱান হৈছিল। আঁচনিখনৰ এনে সফলতাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে, এই আঁচনিখন তেওঁলোকে ২০২৬চন পৰ্যন্ত কাৰ্যকৰী কৰি ৰাখিব। শেহতীয়াকৈ কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে।
২০২৬ৰ লৈকে কাৰ্যকৰী কৰিবলগীয়া এই আঁচনিখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৭০হাজাৰ কোটি টকাৰ বাজেট ধাৰ্য কৰিছে। ইয়াৰ বাবে চৰকাৰে প্ৰাৰম্ভিক পৰ্যায়তে ৩৭৫০কোটি টকা আৱন্টন দিয়াৰ কথাও সদৰি কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে।
ইফালে দেশৰ কৃষিখণ্ডৰ কথা উল্লেখ কৰি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে উল্লেখ কৰে যে, এই বৰ্ষত ইণ্ডোনেছিয়ালৈ ভাৰতে ১০মেট্ৰিকটন চাউল ৰপ্তানি কৰিব। আনহাতে প্ৰধানমন্ত্ৰী ফচল যোজনাৰ অধীনত ২০২১-২২বৰ্ষৰ পৰা ২০২৫-২৬বৰ্ষলৈ কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিকভাৱে ৬৯,৫১৫কোটি টকা ব্যয় কৰিব।
ইফালে এই আঁচনিক লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে, এই আঁচনি দেশৰ কোটি কোটি কৃষক ভাই-ভনীৰ বাবে উতসৰ্গিত।