ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কোকৰাঝাৰৰ ৪ প্ৰতিযোগী

কোকৰাঝাৰৰ এম চি এম উদলেণ্ড স্কুলৰ ছাত্ৰী তথা ৰাজেশ কুণ্ডুৰ কন্যা মাহী কুণ্ডুৱে তৃতীয় স্থান ( ০ - ৯ বৰ্ষৰ  শাখাত) আৰু ৰিয়েলিটি পাব্লিক স্কুলৰ ছাত্ৰী ৰীতিকা মুছাহাৰীয়ে কলাত্মক যোগাসনৰ কনিষ্ঠ শাখাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

author-image
Asomiya Pratidin
New Update
ি্্িি্ি

ডিজিটেল সংবাদ,কোকৰাঝাৰ:  ধেমাজিত অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক পৰ্যায়ৰ প্ৰথম সদৌ অসম মুকলি যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত পদক অৰ্জনেৰে কোকৰাঝাৰ জিলালৈ সুনাম কঢ়িয়াই আনিছে কোকৰাঝাৰ চহৰৰ মাহী, ৰীতিকা, মৌমিতা আৰু সংগীতাই ৷

Advertisment

কোকৰাঝাৰৰ এই ৪ গৰাকী প্ৰতিযোগী ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে ৷ উল্লেখ্য যে, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত তথা যোগাসন ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰী লৈ ধেমাজিৰ কৰ্ট পথাৰত প্ৰথম সদৌ অসম মুকলি যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ৷

উক্ত প্ৰতিযোগিতাত অংশ লৈ কোকৰাঝাৰ চহৰৰ এম চি এম উদলেণ্ড স্কুলৰ ছাত্ৰী তথা ৰাজেশ কুণ্ডুৰ কন্যা মাহী কুণ্ডুৱে তৃতীয় স্থান ( ০ - ৯ বৰ্ষৰ  শাখাত) আৰু ৰিয়েলিটি পাব্লিক স্কুলৰ ছাত্ৰী ৰীতিকা মুছাহাৰীয়ে কলাত্মক যোগাসনৰ কনিষ্ঠ শাখাত  পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে প্ৰতিযোগিতাত  কোকৰাঝাৰৰ  মৌমিতা দত্ত  কুণ্ডুৱে  মহিলা ছিনিয়ৰ শাখাৰ কলাত্মক আৰু পৰম্পৰাগত এই দুয়োটা শাখাতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ কোকৰাঝাৰ চহৰৰে সংগীতা মিত্ৰই মহিলা ছিনিয়ৰ কলাত্মক যোগাসন শাখাত তৃতীয় স্থান দখল কৰিছে ৷

প্ৰশিক্ষক ৰূপক ৰায়ৰ নেতৃত্বত কোকৰাঝাৰ জিলাৰ চাৰিজনীয়া দলটোৱে ধেমাজিত অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত অংশ লৈছিল ৷ উল্লেখ্য যে ৰাজ্যিক পৰ্যায়ত পদক দখল কৰিবলৈ সক্ষম হোৱা কোকৰাঝাৰ চাৰিগৰাকী প্ৰতিযোগীয়ে অহা ২৯ মাৰ্চৰ পৰা গুজৰাটত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে।

কোকৰাঝাৰ