/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/aa54beba-461b-4a73-9073-fefbc4a920c6/biswanath_24.jpg)
biswanath
ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথ নগৰত এক বৃহৎ গাড়ী চোৰ চক্ৰক গ্ৰেপ্তাৰ।৫ জনীয়া এই চোৰৰ দলটোত আছে এগৰাকী যুৱতী আৰু এগৰাকী মহিলাও।ফেভ উইল্চ নামৰ গুৱাহাটী গাড়ী এজেঞ্চিৰ পৰা ৭ জন লোকে এখন XUV300 আৰু এখন বলেৰ গাড়ী যোৱা ২০ অক্টোবৰ তাৰিখে শোণিতপুৰলৈ যাম বুলি ভাড়া কৰি আনিছিল।
তাৰ পিছৰে পৰা গাড়ীসহ মানুহ নিৰুদ্দেশ হ'ল। গাড়ী ভাড়া কৰি অনা সাতোজন লোকৰে মোবাইল চুইট্চ অফ হৈ পৰাত এজেঞ্চিৰ লোকসকলে বুজি পালে যে চুৰি চক্ৰই তেওঁলোকৰ গাড়ী চোৰ কৰিলে বুলি।
কিন্তু গাড়ীত জি পি এছ লগাই ৰখাৰ ভিত্তিত এজেঞ্চিৰ লোকসকলে গাড়ীকেইখন ট্ৰেক কৰাত দেখা পাই যে, তেওঁলোকৰ গাড়ী কেইখন বিশ্বনাথ চাৰিআলিতে ৰৈ আছে।যাৰ ভিত্তিত এজেঞ্চিৰ লোকসকলে আজি বিশ্বনাথ চাৰিআলিত আহি উপস্হিত হৈ দেখা পাই যে, বিশ্বনাথ নগৰস্থিত এখন ল'জৰ সন্মুখত তেওঁলোকৰ গাড়ীখন ৰখাই থোৱা অৱস্থাত আছে।
এজেঞ্চিৰ লোকসকলে কিছু সময় তেওঁলোকৰ গাড়ীৰ কাষতে ৰৈ দিয়ে আৰু কিছু সময়ৰ পিছত গাড়ীখনৰ কাষত এজন গাড়ী চোৰ অহাত এজেঞ্চিৰ লোকসকলে চোৰ জনক ধৰিবলৈ সক্ষম হয়। সেই চোৰজনক ধৰাৰ পিছত এজেঞ্চিৰ লোকসকলে জানিব পাৰে যে, সম্পূৰ্ণ চোৰৰ দলটোৱে কেইবাদিন ধৰি বিশ্বনাথ নগৰস্থিত এখন ল'জত বাহৰ পাতি আছিল।
লগে লগে এজেঞ্চিৰ লোকসকলে বিশ্বনাথ আৰক্ষীৰ সহযোগত চোৰৰ দলটোক ধৰিবলৈ সক্ষম হয় যদিও আৰক্ষীৰ দল উক্ত বাহৰ পাতি থকা স্থানত পোৱাৰ পূৰ্বেই দুজন চোৰ পলায়ন কৰিবলৈ সক্ষম হয়।
এই চোৰৰ দলটোৰ মাজত আছে এগৰাকী যুৱতী আৰু এগৰাকী মহিলা।চোৰ কেইজন ক্ৰমে তৰুণ কুমাৰ বালমিকি,তাৰিফ আব্দুলা,জুপিতৰা দাস,পংকজ কুমাৰ চাহু,ভূমিকা মিকিৰ।
আনহাতে বিশ্বনাথত এই চোৰৰ দলটোৰ পৰা উদ্ধাৰ কৰা হৈছে বলেৰ' গাড়ীখন আৰু আন এখন বেলেগ এজেঞ্চিৰ পৰা অনা স্কৰপিঅ' গাড়ী উদ্ধাৰ কৰা হৈছে যদিও উক্ত এজেঞ্চিৰ XUV300 গাড়ীখন এতিয়াও উদ্ধাৰ হোৱা নাই যদিও GPS লোকেচন মৰ্মে XUV গাড়ীখন ইটানগৰত আছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে বিশ্বনাথ সদৰ আৰক্ষীয়ে চোৰৰ দলটোক সোধা-পোছা অব্যাহত ৰাখিছে।এই চোৰৰ দলটোয়ে আন বহু গাড়ী চুৰি কাৰ্যৰ লগত জড়িত থকাৰ পূৰ্ণ সম্ভাৱনা হৈছে।