মানকাচৰত ৪ অবৈধ বাংলাদেশ নাগৰিক আটক...

নিশাৰ ভিতৰত বাংলাদেশী কেইটাক সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ সিপাৰে উভতাই পঠোৱা হব। বাংলাদেশী কেইটাক পুছব্যক কৰাৰ বাবে বিএছএফে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ   দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ঝগৰাৰচৰ এলেকাত আজি চাৰি গৰাকী অবৈধ বাংলাদেশী নাগৰিক আটক কৰা হৈছে।
Advertisment
সীমান্তত নিয়োজিত বিএছএফৰ এক গোপন সুত্ৰৰ ভিত্তিত বিএছএফ আৰু মানকাচৰ আৰক্ষীয়ে যৌথ অভিযান চলাই ঝগৰাৰচৰৰ পৰা বাংলাদেশী নাগৰিক কেইটা গ্ৰেপ্তাৰ কৰিছে। ধৃত বাংলাদেশী নাগৰিক কেইটাৰ ভিতৰত দুজনী মহিলা আৰু দুজন পুৰুষ বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। 
বাংলাদেশী নাগৰিক কেইটা অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰাৰ তথ্য বিএছএফে জানিব পাৰি অভিযানৰ জৰিয়তে কৰায়ত্ব কৰে। বৰ্তমান বাংলাদেশী কেইটাক সঞ্জয় সাদু বিএছএফ কেম্পত ৰখা হৈছে। নিশাৰ ভিতৰত বাংলাদেশী কেইটাক সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ সিপাৰে উভতাই পঠোৱা হব। বাংলাদেশী কেইটাক পুছব্যক কৰাৰ বাবে বিএছএফে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
লক্ষ্যণীয় যে, অবৈধ বাংলাদেশী নাগৰিক কেইটা আটক কৰা বিষয়টো বিএছএফে সংবাদ মাধ্যমক কোনো তথ্য সদৰি কৰা নাই। বাংলাদেশী কেইটা বিএছএফৰ হাতত থকা বাবে আৰক্ষীয়েও সংবাদমাধ্যক কোনো তথ্য দিব পৰা নাই বুলি আৰক্ষীৰ ফালৰ পৰা জানিব পৰা গৈছে।
বাংলাদেশী