/asomiyapratidin/media/media_files/2025/03/08/qSzYFm7vcUPOGQEGhzPA.jpg)
পাটাছাৰকুছিত ৩ সংখ্যক প্ৰাগজ্যোতি বক্তৃতানুষ্ঠান সম্পন্ন
ডিজিটেল সংবাদ, পাটাছাৰকুছি : 'আজি কালি আমেৰিকা বা আন দেশত ছাত্ৰ-ছাত্ৰী পঠোৱা কামটো সহজ হৈ পৰিছে ৷ যিসকলে সুবিধা পাই শিক্ষাৰে বিকশিত হৈ উঠে সেইসকলক আমি মেধাসম্পন্নৰ শাৰীত ৰাখো আৰু যি সকলে সুবিধাৰ অভাৱত প্ৰতিভা বা শিক্ষাৰে উজ্জ্বলি উঠিব নোৱাৰে সেইসকলক আমি গাধাৰ শাৰীত ৰাখো ৷
এনে এটা ভুল ধাৰণাৰে শিক্ষা ব্যৱস্থা গঢ়ি তুলিছো আৰু আমি সুবিধাবাদী শ্ৰেনী এটাৰ সৃষ্টি কৰিছো ৷ বুদ্ধিমানৰ শাৰীৰ মানুহবোৰে মনতে অহংকাৰ কৰিবলৈ আৰম্ভ কৰে ৷ মনত অহংকাৰৰ জন্ম হয় ৷ সমাজত আমি তাৰ প্ৰতিফলন দেখা পাইছো ৷ আজিৰ দিনত তথাকথিত চোকাবোৰে প্ৰায়বোৰ বেয়া কাম কৰে ৷ অলপতে বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত এগৰাকী দণ্ডাধীশ গ্ৰেপ্তাৰ হবলগীয়া হ'ল ৷ সেয়াও তাৰেই প্ৰতিফলন, চোকাবোৰে ধৰা নপৰালৈকে চোকা হৈ থাকিব বিচাৰে ৷- এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ।
উল্লেখযোগ্য যে পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত তথা পাটাছাৰকুছিৰ বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগিতাত শনিবাৰে বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ডিজিটেল হলত অনুষ্ঠিত হয় ৩ সংখ্যক প্ৰাগজ্যোতি বক্তৃতানুষ্ঠান। "আমি কিয় আৰু কেনেকৈ পঢ়িব লাগে" শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰি দেৱচৌধুৰীয়ে বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে আৰু উপস্থিত শিক্ষাৰ্থী সকলক মোহাচ্ছন্ন কৰি ৰাখে ৷
ভাষণৰ পিচতে প্ৰতিযোগিতামূলক পৰীক্ষা সম্বন্ধীয় বিভিন্ন প্ৰশ্নৰ উত্তৰো প্ৰদান কৰে। বক্তৃতানুষ্ঠানটোৰ যুটীয়া তত্বাবধায়ক নিতুল শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হোমেশ্বৰ দাসে আদৰণি ভাষণ, বক্তৃতানুষ্ঠানটোৰ যুটীয়া তত্বাবধায়ক আমিনুল হকে আদৰণি তথা বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান আৰু মহাবিদ্যালয়খনৰ শৈক্ষিক তত্বাৱধায়িকা ড০ চন্দনা দেৱীয়ে মহাবিদ্যালয়খনৰ হৈ আদৰণি অনুষ্ঠান পৰিচালনা কৰে।
/asomiyapratidin/media/media_files/2025/03/08/ynHrxE8osbi2Zia7QZae.jpg)
অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ৰেৰা - টাংছা নগা জনজাতিৰ ভাষা ওপৰত কৰা গৱেষণাৰ সফল সমাপ্তিত সেই ভাষাটো সংৰক্ষণ কৰাৰ বাবে ৰেৰা ভাষাৰ প্ৰথমখন ব্যাকৰণ লিখি উলিয়াই ইতিহাস ৰচি পাটাছাৰকুছিৰ সন্তান হিচাপে গৌৰৱ কঢ়িয়াই অনা তথা বৰ্তমান অষ্টেলিয়াৰ মেলবৰ্ণ চহৰৰ প্ৰসিদ্ধ লা ট্ৰোব বিশ্ববিদ্যালয়ত কেজুৱেল একাডেমীক আৰু এডজাংক্ট ৰিছার্চ ফেল' হিচাপে কৰ্মৰত ড° দীপজ্যোতি গোস্বামীক ক্লাবৰ তৰফৰ পৰা গামোচা, স্মাৰক আৰু কলমেৰে বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয়।
এইবেলি পাটাছাৰকুছিৰ সন্তান বাণী প্ৰকাশৰ প্রতিষ্ঠাতা, অসমৰ গ্ৰন্থ আন্দোলনৰ অন্যতম পুৰোধা ব্যক্তি তথা বজালীৰ আধুনিকতাৰ অন্যতম পৃষ্ঠপোষক প্রয়াত চক্ৰধৰ দেৱ চৌধুৰীৰ নামত উৎসগিত এই বক্তৃতানুষ্ঠানটিৰ আৰম্ভণিতে চক্ৰধৰ দেৱ চৌধুৰীৰ প্ৰতিকৃতিত স্মৃতি তৰ্পন কৰে প্ৰয়াত চৌধুৰীৰ পুত্ৰ শ্ৰী পদ চৌধুৰীসহ ক্লাবৰ সভাপতি ৰফিকুল হক, সম্পাদক ৰাজীৱ কুমাৰ শৰ্মাই। ক্লাবৰ শীৰ্ষক সংগীত পৰিবেশনৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত ছাত্ৰ- ছাত্ৰীকে ধৰি শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰশাসনিক সমিতিৰ সভাপতি অনিল ৰয়, ৰবীন শৰ্মা, হেমন্ত কলিতা, নলিনী কুমাৰ শৰ্মা, হিৰেন শৰ্মা, ভবেশ গোস্বামীকে ধৰি বহু সংখ্যক গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে।
মহাবিদ্যালয়ৰ প্ৰয়াত ছাত্ৰী এগৰাকীৰ মৃত্যুুত সমূহীয়াকৈ শোক পালন কৰি এক মিনিট মৌনতা অৱলম্বন কৰা হয় ৷